নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰেমডেছিভিৰ’ দৰবে দ্রুতগতিত আৰোগ্য কৰিছে ক’ভিড–১৯ আক্রান্তক

ক’ৰোনা চিকিৎসাত আশাৰ সঞ্চাৰ

নিয়মীয়া বাৰ্তা, ৩ মে’ : মহামাৰী ক’ৰোনাৰ চিকিৎসাৰ ক্ষেত্রত নতুন আশাৰ সঞ্চাৰ কৰিছে আমেৰিকাৰ এটা কোম্পানীয়ে প্রস্তুত কৰা এবিধ দৰবে ৷ ‘ৰেমডেছিভিৰ’ নামৰ দৰবৰ প্রয়োগত আমেৰিকাত ক’ৰোনা আক্রান্ত ৰোগী দ্রুতগতিত সুস্থ হৈ উঠিছে ৷ যাৰ বাবে ক’ভিড–১৯ ভাইৰাছত আক্রান্ত ৰোগীৰ দেহত এই দৰব প্রয়োগৰ ক্ষেত্রত হোৱাইট হাউছে অনুমোদন জনাইছে ৷ দেশখনৰ ‘ফুড এণ্ড ড্রাগ্’ প্রশাসনে শুকুৰবাৰে ৰেমডেছিভিৰ দৰব প্রয়োগ কৰিবলৈ জৰুৰী অনুমতি প্রদান কৰিছে ৷ আমেৰিকাৰ ‘নেচনেল ইনষ্টিটিউট অৱ এলার্জী এণ্ড ইনফেকচন ডিজিজ’য়ে হাস্পতালত চিকিৎসাধীন হৈ থকা এহেজাৰতকৈ অধিক ক’ৰোনা ৰোগীৰ দেহত সম্পৰীক্ষামূলকভাৱে ৰেমডেছিভিৰ দৰব প্রয়োগ কৰে ৷ পৰৱর্তী সময়ত এই পৰীক্ষাৰ যথেষ্ট আশাব্যঞ্জক ফলাফল পোহৰলৈ আহে৷ দেখা গ’ল যে অন্যান্য দৰবৰ তুলনাত ৰেমডেছেভিৰ প্রয়োগ কৰাৰ পিছত ৰোগীসকল অধিক সোনকালে আৰোগ্য হৈছে ৷ ১৫ দিনৰ পৰিৱর্তে ১১ দিনৰ ভিতৰতে ক’ৰোনা আক্রান্ত ৰোগীসকলৰ সুস্থ হোৱাৰ লক্ষণ দেখা গৈছে৷ ৰেমডেছিভিৰৰ সফল প্রয়োগে চিকিৎসকসকলক উৎফুল্লিত কৰি তুলিছে৷ প্রাথমিক অৱস্থাত ক’ৰোনা সংক্রমণৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰা লোকসকলৰ ক্ষেত্রত এই দৰব প্রয়োগ কৰা হ’ব ৷

উল্লেখ্য যে, ৰেমডেছিভিৰ দৰব প্রস্তুত কৰে আমেৰিকা যুক্তৰাষ্ট্রৰ গিলিড ছায়েঞ্চ নামৰ কোম্পানীটোৱে ৷ ২০০৭ চনত দেশখনৰ ডেনিছন নামৰ চিকিৎসকগৰাকীয়ে এই দৰব আৱিষ্কাৰ কৰিছিল ৷ সংক্রমিত ভাইৰাছৰ বংশ বিস্তাৰত বাধা দিবৰ বাবেই এই দৰববিধ প্রয়োগ কৰা হয় ৷ চিকিৎসকসকলে উল্লেখ কৰা মতে ক’ৰোনা ভাইৰাছে মানুহৰ শৰীৰত প্রৱেশ কৰি বংশবৃদ্ধি কৰে আৰু লাহে লাহে ওচৰৰ কোষসমূহকো আক্রমণ কৰি ধ্বংস কৰি পেলায় ৷ এনে অৱস্থাত এণ্টি ভাইৰেলৰ কাম হ’ল আক্রান্ত কোষত প্রৱেশ কৰি ভাইৰাছবিধক ধ্বংস কৰি পেলোৱা আৰু ইয়াৰ বংশ বিস্তাৰত বাধা দিয়া ৷ যোৱা সময়ছোৱাত ৰেমডেছিভিৰ নামৰ দৰববিধ এইক্ষেত্রত কার্যকৰী হোৱা দেখা গৈছে৷ উত্তৰ কার্লোনিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ পৰীক্ষাত এইটোও প্রমাণ হৈছে যে ৰেমডেছিভিৰ দৰবে মানুহৰ লগতে জন্তুৰ দেহতো ভাইৰাছ প্রতিৰোধৰ কাম কৰে ৷

গুৰুত্বপূর্ণ কথাটো হ’ল ২০১৩ চনত ইবোলা ভাইৰাছৰ সংক্রমণৰ সময়তো চিকিৎসাৰ ক্ষেত্রত ৰেমডেছিভিৰ প্রয়োগ কৰা হৈছিল৷ কিন্তু সেই সময়ত এই দৰববিধৰ পৰা কোনো ইতিবাচক ফলাফল পোৱা নগ’ল৷ অৱশ্যে পৰৱর্তী পর্যায়ত চার্চ আৰু মার্চ ভাইৰাছৰ ক্ষেত্রত ৰেমডেছিভিৰ দৰবে কার্যকৰী প্রভাৱ দেখুৱালে৷ শেহতীয়াকৈ আমেৰিকাৰ এখন হাস্পতালত চিকিৎসাধীন হৈ থকা এগৰাকী ৩৫ বছৰীয়া ক’ৰোনা আক্রান্ত ৰোগীৰ দেহত ৰেমডেছিভিৰ দৰব প্রয়োগ কৰা হয়৷ এই ৰোগীজনে যোৱা জানুৱাৰী মাহত চীনৰ য়ুহান চহৰৰ পৰা ঘূৰি অহাৰ পিছত লাহে লাহে তেওঁৰ দেহত ক’ৰোনাৰ লক্ষণ দেখা দিবলৈ ধৰে৷ চিকিৎসাধীন হোৱাৰ ৬ দিন পিছত তেওঁৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটিবলৈ ধৰে৷ শ্বাস–প্রশ্বাসৰ ক্ষেত্রতো অসুবিধাৰ সন্মুখীন হয় ৷

কিন্তু স্বাস্থ্য বিভাগৰ পৰা অনুমতি লাভ কৰাৰ পিছত চিকিৎসকসকলে ৰোগীগৰাকীৰ চিকিৎসাত ৰেমডেছিভিৰ দৰব প্রয়োগ কৰে৷ ইয়াৰ এদিন পিছতে তেওঁ অতি নাটকীয়ভাৱে সুস্থ হৈ উঠিবলৈ লয়৷ এই দৰব প্রয়োগ কৰা প্রথম ১২গৰাকী ৰোগীৰ ভিতৰত ৩জনেই দ্রুতগতিত আৰোগ্য লাভ কৰে৷ আন ৰোগীকেইজনৰো স্বাস্থ্যৰ অৱনতি ঘটা নাই৷ ইতিবাচক ফলাফল দেখা পোৱাৰ পিছতে চিকিৎসকসকলে ৰেমডেছিভিৰৰ প্রয়োগত আশাৰ ৰেঙনি দেখিবলৈ পায়৷ আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অৱ এলার্জী এণ্ড ইনফেকচন ডিজিজে চিকিৎসাধীন হৈ থকা আন সহস্রাধিক ক’ৰোনা ৰোগীৰ ক্ষেত্রত ৰেমডেছিভিৰ প্রয়োগ কৰিও আশাব্যঞ্জক ফলাফল লাভ কৰে৷ ইয়াৰ পিছতেই হোৱাইট হাউছেও ক’ৰোনাৰ চিকিৎসাত এই দৰব ব্যৱহাৰৰ বাবে জৰুৰী অনুমতি প্রদান কৰে৷ এতিয়া ৰেমডেছিভিৰ দৰবৰ প্রস্তুতকর্তা গিলিড ছায়েঞ্চেছ নামৰ কোম্পানীটোৱে নতুনকৈ দৰব উৎপাদনৰ কথা ঘোষণা কৰিছে৷ গিলিড ছায়েঞ্চেছৰ চিই’ ডেনিয়েল অ’ডে জনোৱা মতে কোম্পানীটোৱে আমেৰিকাৰ ডেৰ লাখ লোকৰ চিকিৎসাৰ বাবে বিনামূলীয়াকৈ দৰব যোগান ধৰিব৷ অৱশ্যে প্রথমাৱস্থাত হাস্পতালত চিকিৎসাধীন হৈ থকা ৰোগীসকলকহে ৰেমডেছিভিৰ প্রদান কৰা হ’ব৷

You might also like