নিয়মীয়া বাৰ্তা, ৩ মে’ : দক্ষিণ দিল্লীস্থিত কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) মুখ্য কাৰ্যালয় অহা মঙলবাৰলৈকে ছীল কৰা হৈছে । চি আৰ পি এফৰ শীৰ্ষ বিষয়াৰ ভিতৰত এগৰাকী ব্যক্তিগত ষ্টাফৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি পোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
নিউজ এজেন্সি এএনআইৰ মতে, চি আৰ পি এফৰ এগৰাকী শীৰ্ষ বিষয়াৰ ব্যক্তিগত ষ্টাফ সদস্যৰ দেহত ক’ৰোনা পজিটিভ পোৱা গৈছে । যাৰ পাছতে চিআৰপিএফৰ মহানিৰ্দেশক (DG) য়ে মুখ্য কাৰ্যালয়টো অহা ৫ মে’ মঙলবাৰ পৰ্যন্ত বন্ধৰ নিৰ্দেশ দিয়ে ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে শনিবাৰে পোহৰলৈ অহা খবৰ অনুসৰি, কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) ৩১ নং বেটেলিয়নত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিড–১৯ৰ সংক্রমণে ৷ এতিয়ালৈকে শিবিৰটোৰ ১২২ জন জোৱানৰ দেহত ক’ভিড–১৯ পোৱা গৈছিল ৷
After the personal staff member of a top-ranking officer of the Central Reserve Police Force (CRPF) tested positive for COVID-19, the headquarters of the paramilitary force here has been sealed for sanitisation until further orders.
Read @ANI | https://t.co/9oyI9dGwK8 pic.twitter.com/pM5W6eat3P
— ANI Digital (@ani_digital) May 3, 2020