নিয়মীয়া বাৰ্তা, ৬ মে’ : দেশত এতিয়া সুৰাই টানিছে দেশৰ অর্থনীতি৷ ক’ৰোনা ভাইৰাছ আৰু লকডাউনৰ বাবে দেশৰ অর্থনীতিত আহি পৰা অচলাৱস্থা দূৰ কৰিবলৈ দিল্লী চৰকাৰে এইবাৰ বাছি ল’লে সুৰাৰ ব্যৱসায়ক৷ লকডাউনৰ পৰিপ্রেক্ষিতত দেশত ৪০ দিনলৈকে বিভিন্ন ৰাজ্যৰ সুৰাৰ বিপণীসমূহ বন্ধ ৰখা হৈছিল যদিও তৃতীয় পর্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ সময়তে কালি সুৰাপায়ীসকলৰ বাবে সুৰাৰ বিপণী মুকলি কৰাৰ সিদ্ধান্ত লয় কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ কালি বিপণী খোলাৰ লগে লগেই দিল্লী, মহাৰাষ্ট্রকে ধৰি দেশৰ বিভিন্ন স্থানত সুৰা ক্রয় কৰিবলৈ শাৰী পাতি অভাবনীয় ভিৰ কৰে সুৰাপায়ীসকলে৷
সুৰাৰ এই চাহিদাৰ প্রতি লক্ষ্য ৰাখি ৰাজকোষ সবল কৰাৰ সুযোগ ল’ব বিচাৰিছে দিল্লী চৰকাৰে৷ সেই অনুসৰি দিল্লীত ৭০ শতাংশ ‘বিশেষ ক’ৰোনা কৰ’ আৰোপ কৰিছে চৰকাৰে৷ দিল্লী চৰকাৰৰ সিদ্ধান্ত অনুসৰি গ্রাহকে আজিৰে পৰা সুৰাৰ বটল ক্রয় কৰিলে তাত লিখা থকা এম আৰ পিৰ লগত অতিৰিক্ত ব্যয় কৰিব লাগিব ৭০ শতাংশ ধন৷ কালি নিশা এক জাননীৰ জৰিয়তে এই নিয়ম বলৱৎ কৰে দিল্লী চৰকাৰে৷ উদাহৰণস্বৰূপে এটা সুৰাৰ বটলৰ মূল্য যদি এহাজাৰ টকা হয়, তেন্তে বিশেষ কৰৰ বাবে দিল্লীত সেই বটলটোৰ মূল্য হ’বগৈ ১,৭০০ টকা৷
দিল্লী চৰকাৰে সুৰাপায়ীসকলৰ বাবে পুৱা ৯ বজাৰ সন্ধিয়া ৬ বজালৈ সুৰাৰ বিপণী খোলা ৰাখিবলৈ অনুমতি দিছে৷ এই বৃহৎ পৰিমাণৰ কৰ আৰোপ কৰা সত্ত্বেও দিল্লীত দেখিবলৈ পোৱা গৈছে এক কিলোমিটাৰতকৈও দীঘল গ্রাহকৰ শাৰী৷ আনহাতে, সুৰা ক্রয় কৰিবলৈ অহা গ্রাহকৰ এনে শাৰীৰ কাষত উপস্থিত হৈ কিছুসংখ্যক লোকে গ্রাহকসকলৰ গালৈ ফুল ছটিয়াই উৎসাহিত কৰাও দেখা গ’ল৷
উল্লেখ্য যে লকডাউনৰ বাবে বর্তমান দুর্বল হৈ পৰিছে দিল্লীৰ ৰাজকোষ৷ যাৰ বাবে কেজৰিৱাল চৰকাৰে এই অতিৰিক্ত মাচুলৰ জৰিয়তে ৰাজকোষ সবল কৰাৰ চেষ্টা কৰিছে৷ কেৱল দিল্লীয়েই নহয়, পশ্চিমবংগৰ সুৰাপায়ীসকলেও সুৰা ক্রয় কৰিলে ৩০ শতাংশ অতিৰিক্ত কৰ ভৰিব লাগিব৷ প্রণিধানযোগ্য যে কালি কর্ণাটকত সুৰাৰ বিপণী খোলাৰ পাছত প্রথম দিনাই ৪৫ কোটি টকাৰ বিক্রী হৈছিল৷ আজি দ্বিতীয় দিনাও দেশৰ বিভিন্ন ৰাজ্যত সুৰাৰ বিপণীৰ সন্মুখত এক কিলোমিটাৰ পর্যন্ত গ্রাহকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গ’ল৷