নিয়মীয়া বাৰ্তা, ৭ মে’ : অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ ৰাসায়নিক কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছৰ ক্ষেত্ৰত এল জি পলিমাৰ ইণ্ডিয়া সংস্থাৰ ওপৰত গাফিলতিৰ অভিযোগ তুলিছে আৰক্ষীয়ে । প্ৰশাসনৰ দাবী , বন্ধ থকা গেছ টেংকৰ ৰক্ষণাবেক্ষণৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল । ফলত হঠাত কাৰখানাৰ কাম আৰম্ভ কৰাৰ পাচতেই নিৰ্গত হৈছিল বিষাক্ত ষ্টাইৰিন গেছ । তাৰ ফলতেই বৃহস্পতিবাৰে মৃত্যুক সাবটি ল’বলগীয়া হয় সেই অঞ্চলৰ ১১ জনকৈ লোকে । ইয়াৰ ফলত অসুস্থ হৈ পৰিছে ৫০০০ জনতকৈও অধিক লোক ।
কি কয় কৰ্তৃপক্ষইঃ উক্ত কাৰখানাটিৰ মূল সংস্থা দক্ষিণ কোৰিয়াৰ এল জি কেম । আৰক্ষীয়ে প্ৰকাশ কৰা সংস্থাটোৰ গাফিলতিৰ প্ৰসংগত সংস্থাটোৱে বিবৃতিত কৈছে , লকডাউনৰ বাবে বন্ধ আছিল কাৰখানা । তেতিয়াও নিয়মিত ভাৱে চোৱাচিতা কৰা হৈছিল কাৰখানা । এই ঘটনাৰ পাচতেই সংস্থাটোৱেও কি কাৰণত কিয় এনে দুৰ্ঘটনা সংঘটিত হ’ল সেইয়া তদন্ত কৰিব বুলিও উল্লেখ কৰে ।
আৰক্ষীৰ দাবীঃ আৰক্ষীয়ে জনোৱা অনুসৰি লকডাউনৰ পাচতেই বন্ধ হৈ পৰা কাৰখানাটোৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল । বিশাখাপট্টনমৰ সহকাৰী কমিছনাৰ স্বৰূপা ৰানীয়ে কাৰখানা কৰ্তৃপক্ষৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত হেমাহিৰ অভিযোগ তোলে ।
কিদৰে সংঘটিত হ’ল এই ঘটনাঃ ৰক্ষণাবেক্ষণৰ অভাৱৰ বাবেই বিষাক্ত ষ্টাইৰিন গেছ বুধবাৰে নিশা প্ৰায় ২.৩০ বজাত নিৰ্গত হ’বলৈ আৰম্ভ কৰে । উদ্ধাৰকাৰীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই বাট-পথ সমূহত ঢলি পৰা দেখা গৈছিল অসংখ্য লোকক ।
কিমান বিষাক্ত ষ্টাইৰিনঃ ষ্টাইৰিন কেমিকেলৰ নাম হৈছে ইথাইল বেঞ্জাইন । এই এটা ছিন্থেটিক , বৰ্ণহীন তৰল পদাৰ্থ । সাধাৰণতে পলিমাৰ দ্ৰব্য তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় ষ্টাইৰিন গেছ । অলপ পৰিমাণৰ এই গেছ নাকলৈ গ’লেই মূৰ ঘূৰণি আৰম্ভ হয় , বমি ভাৱ আহে । শ্বাসত বেছি পৰিমাণৰ এই গেছ প্ৰৱাহিত হ’লেই মৃত্যুক আঁকোৱালি ল’ব পাৰে এজন লোকে ।