নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচাঙত ঘৰে ঘৰে বন বিভাগৰ জাননীঃ গাৰোবস্তি–বতাহঘূলি-জনশিমলুত আতংক

নিয়মীয়া বার্তা, ১০ মে’ : মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধক লৈ চলি থকা যুদ্ধকালীন পৰিস্থিতিৰ মাজতেই আমচাং অভয়াৰণ্যৰ ভূমিত বাস কৰা পৰিয়াললৈ নামি আহিছে অমানিশা ৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰ–প্রশাসনে ঘোষণা কৰা লকডাউনৰ মাজতে বন বিভাগে আমচাং অভয়াৰণ্যৰ ভূমিত বাস কৰা সমূহ পৰিয়াললৈ জাননী প্রেৰণ কৰি ১৫ দিনৰ ভিতৰত অভয়াৰণ্যৰ ভূমি খালী কৰাৰ নির্দেশ দিছে ৷ বন বিভাগৰ জাননী পোৱাত সংশ্লিষ্ট সময়ৰ ভিতৰত অভয়াৰণ্যৰ ভূমিত নির্মাণ কৰা বাসগৃহ আৰু অন্যান্য প্রতিষ্ঠান আদি শীঘ্রে পৰিয়ালসমূহে স্থানান্তৰ নকৰিলে বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২ৰ ২৭ (৩) আৰু ২৯ ধাৰা ভংগ কৰাৰ অপৰাধত সকলো সম্পত্তি জব্দ কৰা হ’ব বুলি জাননীত উল্লেখ কৰিছে ৷ আমচাঙৰ গাৰোবস্তি, জনশিমলু আৰু বতাহঘূলিৰ ঘৰে ঘৰে বন বিভাগে জাননী প্রেৰণ কৰাৰ পাছত অঞ্চলটোত তীব্র আতংকৰ সৃষ্টি হৈছে৷ একাংশ লোকে ৰাজ্যৰ সাম্প্রতিক পৰিস্থিতিৰ সময়ত বন বিভাগে প্রেৰণ কৰা জাননীক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ গাৰোবস্তিৰ সুভদ্রা মাৰাকে প্রতিক্রিয়া প্রকাশ কৰি কয় যে যি সময়ত চৰকাৰে লকডাউন ঘোষণা কৰি সকলো লোকক ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনাইছে, সেই সময়তে আমচাঙত বসবাস কৰা নিৰীহ পৰিয়ালসকললৈ ঘৰ খালী কৰাৰ জাননী প্রেৰণ কৰাটো অমানৱীয়৷ আনহাতে, অঞ্চলটোৰ আন এগৰাকী বাসিন্দা আনন্দ গগৈয়ে বন বিভাগৰ জাননী পোৱাৰ পাছত প্রতিক্রিয়া প্রকাশ কৰি কয় যে পুনৰ সংস্থাপন নকৰাকৈ পৰিয়ালসমূহ উচ্ছেদ কৰিলে এইবাৰ সকলো লোকে ছয়মাইল উৰণীয়া সেঁতুৰ তলত আশ্রয় লোৱাৰ সিদ্ধান্ত গ্রহণ কৰিব৷ গাৰোবস্তিৰ দুলাল চাংমায়ে কয় যে বন বিভাগে প্রেৰণ কৰা জাননীত তীব্র বিসংগতি আছে৷ বন বিভাগে প্রেৰণ কৰা জাননীৰ অধিকাংশত তাৰিখ উল্লেখ নাই আৰু আন একাংশ বাসগৃহত কোনো লোক নথকাৰ সময়তে গেটৰ তলা ভাঙি বাসগৃহৰ চৌহদত জাননী পেলাই থৈ গৈছে৷ এইক্ষেত্রত পৰিয়ালসমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ গাৰোসকলৰ গাঁওবুঢ়া জুনু চাংমায়ে কয় যে পূর্বে উচ্ছেদ কৰা অধিকাংশ পৰিয়ালক আজিও পুনঃ সংস্থাপন দিয়া হোৱা নাই৷ ইয়াৰ মাজতে বন বিভাগে পুনৰ এই পৰিয়ালসমূহক জাননী প্রেৰণ কৰাটো যুক্তিসংগত নহয়৷ যদিহে পুনৰ সংস্থাপন নকৰাকৈ উচ্ছেদ কৰিবলৈ আহে, তেন্তে বন বিভাগ–প্রশাসনৰ উচ্ছেদকাৰী দলক ৰাইজে বাধা দিয়াৰ বাবে সাজু হৈছে ৷

You might also like