নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রাম্য–নদীপথেৰে ৰাজ্যলৈ জাকে জাকে মানুহ

নিয়মীয়া বার্তা, ১১ মেঃ  চৰকাৰে অনুমতি প্রদানৰ পাছতেই গৃহাভিমুখী যাত্রা আৰম্ভ হৈছে লকডাউনৰ পৰিপ্রেক্ষিতত বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলৰ৷ দেশৰ ভিন্ন প্রান্তত আবদ্ধ হৈ থকা উত্তৰ–পূর্বাঞ্চলৰ এনে একাংশই ইতিমধ্যে সৰু–বৰ বিভিন্ন বাহন ভাৰা কৰি শ্রীৰামপুৰ আৰু ছাগলীয়া গেটেৰে অসমত প্রৱেশ কৰিছে৷ যোৱা ৫ মে’ৰ পৰা কালি (৯ মে’)লৈকে শ্রীৰামপুৰ গেটেৰে ২৫০খন বিভিন্ন ধৰণৰ বাহনেৰে মুঠ ২,৭০৯জন লোক সোমাইছে অসমত৷

এইসকল লোক লকডাউনৰ বাবে দক্ষিণ আৰু উত্তৰ ভাৰতত আবদ্ধ হৈ আছিল৷ একেদৰে ছাগলীয়া গেটেৰেও বিগত কেইদিনত নিয়মিতভাৱে আহি আছে বহিঃৰাজ্যত আবদ্ধ লোক৷ অৱশ্যে শ্রীৰামপুৰৰ তুলনাত ছাগলীয়া গেটেৰে অহা গাড়ী তথা লোকৰ সংখ্যা তুলনামূলকভাৱে যথেষ্ট কম৷ কালি মাত্র দুখন বাছহে অসমত ছাগলীয়া গেটেৰে প্রৱেশ কৰিছে৷ সংহাৰী ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯) প্রতিৰোধকল্পে বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ শ্রীৰামপুৰ আৰু ছাগলীয়া গেটত স্ক্রীনিং তথা স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে প্রশাসন–স্বাস্থ্য বিভাগে৷

কিন্তু ইয়াৰ মাজতে ৰাজ্যক ভয়ংকৰ বিপর্যয়ৰ গৰাহলৈ ঠেলি দিব পৰা এক উদ্বেগজনক বিষয় পোহৰলৈ আহিছে৷ আৰক্ষী–প্রশাসনৰ চকুত ধূলি দি তথা পহৰাৰ ক্ষেত্রত থকা শিথিলতাৰ সুযোগ লৈ সম্প্রতি মানুহ অহা আৰু সীমান্ত পাৰ হোৱাৰ ক্ষেত্রত প্রৱর্তন হৈছে আন এক ব্যৱস্থাহে৷ পশ্চিমবংগৰ শিলিগুৰি, কোচবিহাৰ আদিকে ধৰি বিভিন্ন স্থানত আবদ্ধ লোকসকল বিভিন্ন বাহনত উঠি প্রথমতে শ্রীৰামপুৰ আৰু ছাগলীয়া গেটৰ সমীপৱর্তী অঞ্চলত উপস্থিত হয়৷ তাৰ পাছত স্থানীয় পথচাৰীৰ বেশত খোজকাঢ়ি এই লোকসকলে সীমান্ত অতিক্রম কৰে আৰু অসমৰ মাটি পোৱাৰ পাছতেই আন বাহন ভাৰা কৰি গন্তব্য স্থান অভিমুখে ৰাওনা হয়৷

তদুপৰি একাংশই ছাগলীয়া আৰু শ্রীৰামপুৰ গেট স্পর্শ নকৰাকৈ অসমত প্রৱেশ কৰি আহিছে৷ এইক্ষেত্রত ছাগলীয়া গেটৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হৈছে তিনিটা গ্রাম্য উপ–পথ ক্রমে আমবাৰী–চণ্ডীৰপাঠ– হৈ আগমনি, বক্সিৰহাট হৈ ছোটমা আৰু জোৰাইযোৰ৷ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে উপ–পথসমূহ ছীল কৰা বুলি ঘোষণা কৰিছে যদিও আৰক্ষী–প্রশাসনৰ পহৰা ব্যৱস্থাৰ শিথিলতাৰ সুযোগ গ্রহণ কৰিয়েই নিতৌ জাকে জাকে বহু লোকে বিনাবাধাই এইদৰে সীমান্ত অতিক্রম কৰি আহিছে৷ আনহাতে, ছাগলীয়াৰ দৰে শ্রীৰামপুৰ সীমান্ত অতিক্রম কৰিবলৈ গাঁৱলীয়া উপ–পথ নাই৷ পিছে এই অঞ্চলটোত আছে ৬–৭টাকৈ নদীপথ৷

সোণকোষ আৰু গংগাধৰ নৈ পাৰ হৈ সীমান্ত অতিক্রম কৰি অসমত প্রৱেশ কৰিব পৰা এনে কেইটামান স্থান হৈছে সাধুৰচৰ, গৰুমাৰা চৰ, বেলামাৰা চৰ, খনিবাৰী, লাউকুছি, বাগদগৰা, ফোজিবাৰী আৰু ৰামপুৰ৷ এই নদীপথসমূহেৰে উত্তৰ বংগৰ পৰা কোকৰাঝাৰ আৰু ধুবুৰী জিলালৈ বহু লোক অনায়াসে পাৰ হৈ আছে৷ অনুৰূপ ধৰণে পশ্চিমবংগৰ জোৰাই অঞ্চলৰ পৰা শ্রীৰামপুৰলৈ একাংশ লোকে ৰে’লপথযোগে খোজকাঢ়ি সীমান্ত অতিক্রম কৰিছে৷ এনেদৰে অহা লোকসকলৰ কোনোধৰণৰ শাৰীৰিক পৰীক্ষা হোৱা নাই৷ অসমত ইতিমধ্যে বহিঃৰাজ্যৰ পৰা অহা কেইবাজনো লোকৰ শৰীৰত ক’ভিড–১৯ পজিটিভ পোৱা গৈছে৷

শেহতীয়াকৈ শ্রীৰামপুৰ গেট অতিক্রমি শিলচৰত উপস্থিত হোৱা ৰাজস্থানৰ আজমীৰ শ্বৰীফ ফেৰৎ ৪৫জন যাত্রী কঢ়িওৱা বাছখনত ১০জনৰ দেহতেই ধৰা পৰিছে মাৰাত্মক ভাইৰাছ৷ একেদৰে এম্বুলেঞ্চেৰে মুম্বাইৰ পৰা যোৰহাটলৈ অহা ৩ ব্যক্তিৰ শৰীৰতো কালি ক’ভিড–১৯ পজিটিভ পোৱা গৈছিল৷ এতিয়া সীমান্ত সংলগ্ণ উপ–পথ, নদীপথ আৰু ৰে’লপথেৰে অসমত স্বাস্থ্য পৰীক্ষা অবিহনে প্রৱেশ কৰা লোকসকলেও যে বহিঃৰাজ্যৰ পৰা ন’ভেল ক’ৰোনা ভাইৰাছ কঢ়িয়াই অনা নাই, সেয়া নিশ্চিতভাৱে ক’ব নোৱাৰি৷

যদিহে এইসকল লোকৰ কোনোবা প্রাণঘাতী ভাইৰাছৰ বাহক হৈ ৰাজ্যত প্রৱেশ কৰিছে, তেন্তে আশংকা কৰাতকৈও অসমৰ পৰিস্থিতি অতি ভয়ংকৰ হ’ব পাৰে৷ ইপিনে, শ্রীৰামপুৰ আৰু ছাগলীয়া গেটত বিভিন্ন ধৰণৰ যান–বাহন ভাৰাত লৈ উপস্থিত হোৱা লোকসকলৰ শৰীৰৰ উত্তাপ জোখা কার্যৰ লগতে তেওঁলোকৰ কাহ–চর্দি আদিৰ দৰে উপসর্গ আছে নে নাই, সেয়া এক নির্দিষ্ট দূৰত্বৰ পৰা নিৰীক্ষণ কৰিয়েই সিদ্ধান্ত গ্রহণৰ অভিযোগ উঠিছে৷ অভিযোগ মতে, বাহনসমূহত সামাজিক দূৰত্ব মানি চলা হৈছে নে নাই, সেই কথাও পুংখানুপুংখভাৱে চোৱা নহয়৷ যাৰ বাবেই আজমীৰ শ্বৰীফৰ পৰা ৪৫জনকৈ যাত্রী কঢ়িওৱা বাছখন নির্বিঘ্ণে অসমত প্রৱেশ কৰিবলৈ সক্ষম হৈছিল৷ পৰিস্থিতিৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি চৰকাৰে শীঘ্রে এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰা উচিত বুলি স্থানীয় বিভিন্নজনে মন্তব্য কৰিছে৷

You might also like