ৰেড জ’ন ত্রিপুৰাৰ পৰা বাছেৰে পলাই আহিল ২০ ব্যক্তি
নিয়মীয়া বার্তা, ১১ মেঃ ৰাজ্যৰ চৌদিশে কভিড–১৯ক লৈ আতংক অব্যাহত থকাৰ মাজতে আজি নিশা ত্রিপুৰাৰ পৰা ২০ যাত্রীসহ এখন বাছ উপস্থিত হোৱাক লৈ তীব্র উত্তেজনা সৃষ্টি হয় শিৱসাগৰত৷ ভুৱা পৰিচয়েৰে সুদূৰ ৰেড জ’নৰ ত্রিপুৰাৰ পৰা ব্যক্তিকেইজন উপস্থিত হোৱাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় প্রশাসন, আৰক্ষী, স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াৰ দল৷ যাত্রীসহ বাছখন উজনিৰ যোৰহাটস্থিত কোৱেৰেণ্টাইন চেণ্টাৰলৈ ঘূৰাই নিয়াৰ পিছতহে পৰিস্থিতি শাম কাটে যদিও আতংক অৱ্যাহত আছে৷
প্রাপ্ত বাতৰি মতে, এ এছ–১০ চি–৪০৭৭ নম্বৰৰ বাছখন শিৱসাগৰৰ আস্থানত প্রৱেশ কৰি যাত্রীসকলক নমোৱাৰ চেষ্টা চলায়৷ কিন্তু নিশাৰ ভাগত কার্ফিউ অব্যাহত থকাৰ মাজতেই বাছখনৰ পৰা যাত্রীসকলক নমোৱাৰ চেষ্টা চলাওঁতেই স্থানীয় ৰাইজৰ সন্দেহ ওপজাত যাত্রীসকলক বাছৰ পৰা নমাৰ ক্ষেত্রত বাধা প্রদান কৰে৷ স্থানীয় ৰাইজে যাত্রীসকলক দূৰৈৰ পৰাই সোধা–পোছা কৰাত তেওঁলোকে বৰাকৰ কৰিমগঞ্জৰ পৰা চৰাইদেউ জিলাৰ ভজোলৈ অহা বুলি ব্যক্ত কৰে৷ কিন্তু ৰাইজে নিশা ভজোৰ পৰিৱর্তে কিয় শিৱসাগৰ আস্থানত প্রৱেশ কৰিছে বুলি প্রশ্ন কৰাৰ লগতে যাত্রাপথত চিকিৎসকে কৰা স্বাস্থ্য পৰীক্ষাৰ প্রমাণ–পত্র চাবলৈ বিচৰাতহে প্রকৃত ঘটনা পোহৰলৈ আহে৷
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দলে কৌশলেৰে সোধা–পোছা কৰাত বাছখনে কৰিমগঞ্জৰ পৰিৱর্তে ৰেড জ’নখ্যাত ত্রিপুৰাৰ পৰা পলাই অহা বুলি স্বীকাৰোক্তি দিয়ে৷ ত্রিপুৰাৰ পৰা শিলচৰ, শ্বিলং হৈ শিৱসাগৰত উপস্থিত হৈছিল বাছখন৷ জিলা প্রশাসনে সতর্কতামূলক ব্যৱস্থা হিচাপে উক্ত স্থানত দুর্যোগ প্রশমন বিভাগৰ দ্বাৰা ছেনিটাইজ কৰে৷ উল্লেখ্য যে ত্রিপুৰাত ১৩৫জন লোক এইপর্যন্ত ক’ৰোনাত আক্রান্ত হৈছে৷