নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক ৪৫ দিনত বহিঃৰাজ্যৰ পৰা অসমলৈ আহিব প্ৰায় ১০ হাজাৰ লোকঃ স্বাস্থ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১১ মেঃ আগন্তুক ৪৫ দিনৰ ভিতৰত প্ৰতিখন ৰাজ্যলৈ বহিঃৰাজ্যৰ পৰা আহিব প্ৰায় ১০ হাজাৰ লোক । এই লোক সকলক ৰখা হ’ব নিজ নিজ সমষ্টিত । মহাবিদ্যালয়, ক্লাৱ বা আন স্থানত নিজ সমষ্টিৰ বিধায়কে ৰাখিব এই লোকসকলক । এই ক্ষেত্ৰত সহায় লোৱা হ’ব স্থানীয় সংগঠনৰো । ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখা হ’ব লোকসকলক । ১৪ দিনর পাছত যদি লক্ষণ দেখা দিয়ে তেন্তে নমুনা সংগ্রহ কৰা হ’ব আৰু নমুনাত ক’ভিড-১৯ ত আক্ৰান্ত বুলি ধৰা পৰে, তেতিয়া তেওঁলোকক উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱা হ’ব ।

আজি কাকডোঙাৰ স্ক্ৰীণিং চেণ্টাৰ পৰিদৰ্শন কৰি এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে- কাইলৈ প্ৰায় ১২০০ লোকক লৈ দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহিব এখন যাত্ৰীবাহি ৰে’ল । যাত্ৰীসকলক ক’ত ক’ত ৰখা হ’ব তাৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া সম্পন্ন কৰিছে স্বাস্থ্য বিভাগে ।

বঙাইগাঁও, গুৱাহাটী, লামডিং, মৰিয়ণি, ডিব্ৰুগড় আদি স্থানত যাত্ৰীসকল নমাৰ লগে লগেই তেওঁলোকক নিজ নিজ জিলালৈ প্ৰেৰণ কৰা হ’ব আৰু তেওঁঁলোকক কোৱাৰেণ্টাইনত ৰখা হ’ব বুলিও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

You might also like