নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰদাতালৈ সুখবৰ, ২০ লাখ কোটিৰ পেকেজ, কোন কোন শিতানলৈ কিমান টকা?

নিয়মীয়া বাৰ্তা, ১৩ মেঃ দেশত ক’ৰোনাৰ আতংকৰ সময়তে লোকচানৰ সন্মুখীন হৈছে উদ্যোগখণ্ড। ক্ষুদ্ৰ উদ্যোগসমূহলৈও ভাবুকি কঢ়িয়াই আনিছে গতিকে প্ৰধানমন্ত্ৰী মোদীয়ে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল। এই পেকেজৰ টকা কোন শিতানত কিমান খৰছ কৰা হ’ব সেই কথা এক সংবাদমেল যোগে প্ৰকাশ কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।

  • আয়কৰ ঘূৰাই দিয়াৰ সময়সীমা বৃদ্ধি ৩০ছেপ্টেম্বৰলৈ বৃদ্ধি, পূৰ্বতে এই সময়সীমা আছিল।৩০জুন
  • TDSৰ হাৰ ২৫ শতাংশ হ্ৰাস, ৫০ হাজাৰ কোটি টকাৰ অৰ্থনৈতিক সকাহ পাব জনতাই
  • ৩ লাখ কোটি টকাৰে MSMEক ঋণ দিয়া হ’ব
  • ইয়াৰদ্বাৰা লাভৱান হ’ব ২লাখ MSME
  • MSMEৰ স্বত্বাধিকাৰীক বেংকে দিয়া ঋণ ব্যৱসায়ত বিনিয়োগ কৰিব লাগিব
  • ঋণগ্ৰস্ত MSMEৰ বাবে ধাৰ্য ২০ হাজাৰ কোটি টকা
  • বিজুলী বিতৰণ কোম্পানীলৈ জৰুৰীকালীন ৯০,০০০কোটি টকা
  • চৰকাৰী কৰ্মচাৰীসকলৰ PFত জমা হ’ব ২৪% টকা। ১৫হাজাৰতকৈ কম দৰমহা পোৱা কৰ্মচাৰীসকলৰ
  • জনধন একাউণ্টলৈ ৪১কোটি টকা
  • NBFCৰ ৪৫,০০০ কোটিৰ আঁচনিসমূহ দীৰ্ঘম্যাদী হ’ব
  • চৰকাৰে বেংকসমূহক ক্ৰেডিট গেৰাণ্টি প্ৰদান কৰিব
You might also like