নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাঁচীবজাৰৰ ছীল এলেকাৰ সমীপতে ব্যৱসায়ী–গ্রাহকৰ ভিৰ

নিয়মীয়া বাৰ্তা, ১৪ মে’ : ব্যৱসায়িক প্রাণকেন্দ্র ফাঁচীবজাৰৰ এটা আলু, পিঁয়াজৰ গুদামত কাম কৰা মুংৰু সাহানী ক’ভিড–১৯ আক্রান্ত হোৱাৰ খবৰে চিন্তিত কৰিছে সমগ্র মহানগৰীবাসীক ৷ কিয়নো ক’ৰ পৰা, কেনেদৰে সাহানীৰ শৰীৰলৈ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ  সংক্রমণ ঘটিল, তাৰ ওৰ এতিয়াও ওলোৱা নাই ৷ অর্থাৎ কোনো ভ্রমণ বৃত্তান্ত নথকা তথা ক’ভিড–১৯ ৰোগীৰ প্রত্যক্ষ সংস্পর্শলৈ নহাকৈ আক্রান্ত হোৱা সাহানীৰ ৰোগৰ উৎস এতিয়াও পোহৰলৈ অহা নাই ৷ যাৰ বাবে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰিৱেশ অধিক ভয়াৱহ হৈ পৰিছে ৷ তৎসত্ত্বেও যেন গা লৰা নাই একাংশ মহানগৰবাসীৰ ৷ মুংৰু সাহানী ক’ৰোনাত আক্রান্ত হোৱা ঘটনাই স্বাস্থ্য বিভাগক উদ্বিগ্ন কৰি তোলাৰ সময়তে একাংশ মহানগৰবাসীয়ে চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি ভিৰ কৰিছে ফাঁচীবজাৰত ৷ সদাব্যস্ত ফাঁচীবজাৰত দেখা গ’ল অনুৰূপ দৃশ্য ৷

ফাঁচীবজাৰৰ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা অঞ্চলটোৰ সমীপৱর্তী দোকান–বজাৰত ভিৰ কৰা পৰিলক্ষিত হয় একাংশ ব্যৱসায়ী–গ্রাহকৰ ৷ ফাঁচীবজাৰৰ টি আৰ ফুকন ৰোড, কেডাৰ ৰোড, এছ আৰ চি বি ৰোড, এফ বি ৰোড আদিতো যথেষ্ট ভিৰ পৰিলক্ষিত হয়৷ উত্তৰ–পূর্বাঞ্চলৰ ব্যৱসায়িক প্রাণকেন্দ্রস্বৰূপ ফাঁচীবজাৰৰ পাইকাৰী দোকানসমূহৰ বিভিন্ন সামগ্রী ক্রয় কৰাৰ বাবে পুৱাৰে পৰা মহানগৰীৰ ভিন্ন প্রান্তৰ লোকৰ আগমন ঘটা পৰিলক্ষিত হয়৷ তদুপৰি আন বহু লোকে ঘৰুৱা বজাৰ–সমাৰৰ বাবেও ওলাই অহা দেখা যায়৷ একেদৰে বিভিন্ন দোকান–সমাৰত কাম কৰা মজদুৰসকলক ফাঁচীবজাৰত ভিৰ কৰা পৰিলক্ষিত হয় ৷ দোকান–পোহাৰ আদিত সমাজিক দূৰত্বৰ নীতি–নির্দেশনা পালন কৰাও দেখা নগ’ল ৷ ফলত ফাঁচীবজাৰ ক’ৰোনাৰ হটস্পট হৈ পৰিব বুলি আশংকা কৰিছে সচেতন মহলে ৷

উল্লেখ্য যে ফাঁচীবজাৰৰ ৰাজকমল হোটেলৰ তলত থকা আলু–পিঁয়াজৰ গুদামত কাম কৰা মুংৰু সাহানী এদিন পূর্বে ক’ভিড–১৯ত আক্রান্ত বুলি পৰীক্ষাত ধৰা পৰিছিল ৷ ইয়াৰ আগতে সমগ্র ফাঁচীবজাৰত হাহাকাৰ সৃষ্টি হৈছিল ৷ কিয়নো বহু লোকৰ সংস্পর্শলৈ আহিছিল মুংৰু সাহানী ৷ ইতিমধ্যে জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে সাহানীৰ সংস্পর্শলৈ অহা ব্যক্তিৰ অনুসন্ধান আৰম্ভ কৰিছে ৷ ইপিনে বিগত কিছুদিন ধৰি জ্বৰ–কাহত আক্রান্ত হোৱা মুংৰু সাহানী ফাঁচীবজাৰৰ এখন ডায়েগনষ্টিক চেণ্টাৰলৈ গৈছিল ৷ প্রাপ্ত তথ্য অনুসৰি এগৰাকী চিকিৎসকৰ পৰামর্শ অনুসৰি ৰেপিকিউৰ ডায়েগনষ্টিক চেণ্টাৰত যোৱা ৫ মে’ত বুকুৰ এক্স–ৰে’ কৰিছিল তেওঁ ৷ যাৰ বাবে ডায়েগনষ্টিক চেণ্টাৰত টেকনিচিয়ানৰ সংস্পর্শলৈ আহিছিল মুংৰু সাহানী৷ তদুপৰি ডায়েগনষ্টিকৰ আন কর্মচাৰীও মুংৰুৰ সংস্পলৈ আহিছিল বুলি অশংকা কৰা হৈছে৷ তদুপৰি সাহানী যোৱাৰ সময়ত ৰেপিকিউৰত আন একাংশ ৰোগীও আহিছিল বিভিন্ন পৰীক্ষাৰ বাবে৷ তেনেস্থলত সাহানীৰ সংস্পশলৈ একাংশ ৰোগীও অহাৰ সম্ভাৱনা আছে৷ ইফালে, ভূতনাথৰ পৰা ৰিক্সাৰে এক্স–ৰে’ কৰাৰ বাবে ডায়েগনষ্টিক চেণ্টাৰলৈ গৈছিল তেওঁ ৷ সেয়েহে সাহানী যোৱা ৰিক্সাক লৈও ফাঁচীবজাৰত আতংকৰ সৃষ্টি হৈছে ৷

You might also like