নিয়মীয়া বার্তা, ১৪ মে’ : চলিত মাহত ভাৰতত চাৰে পাঁচ লাখ লোক আক্রান্ত হ’ব ক’ৰোনা ভাইৰাছত ৷ চলিত মাহৰ শেষলৈ বৃহৎ গণ সংক্রমণৰ আশংকা প্রকাশ কৰিছে ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ গৱেষকৰ দলে ৷ আই আই টি গুৱাহাটীৰ গণিত বিভাগ আৰু ছিংগাপুৰ মেডিকেল স্কুলৰ গৱেষকে ডাটা ছায়েন্স মডেল আৰু লজিষ্টিক পদ্ধতিৰে ক’ৰোনাৰ সংক্রমণৰ এনে ভয়াৱহ তথ্য দাঙি ধৰিছে ৷ গৱেষক দলটোৰ সমীক্ষা অনুসৰি অহা ৩০ দিনত দেশত ডেৰ লাখৰ পৰা চাৰে পাঁচ লাখপর্যন্ত লোক ক’ভিড–১৯ত আক্রান্ত হ’ব ৷ ডাটা ছায়েন্স মডেলৰ জৰিয়তে কৰা সমীক্ষাৰ বিশ্লেষণ অনুসৰি ক’ৰোনা সংক্রমণৰ সংখ্যা ১.৩০ লাখলৈকে বৃদ্ধি পাব ৷ সেইদৰে লজিষ্টিক পদ্ধতিৰে কৰা বিশ্লেষণ অনুসৰি দেশত সংক্রমণৰ সংখ্যা ৫.৫০ লাখ হোৱাৰ সম্ভাৱনা আছে বুলি গৱেষকৰ দলটোৱে দাবী কৰে ৷
আই আই টি গুৱাহাটী আৰু ছিংগাপুৰৰ ডিউক–এনয়ুএছ মেডিকেল স্কুলৰ গৱেষকে ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত ৩০ দিনত ক’ভিড–১৯ত সংক্রমিত লোকৰ সংখ্যাৰ পূর্ব আনুমানিক তথ্য বিশ্লেষণৰ বাবে বিভিন্ন বিকল্প মডেল অৱলম্বন কৰে৷ তেওঁলোকে উলিওৱা ডাটা ছায়েন্স মডেলটো তিনিটা ভিন ভিন সমীক্ষা প্রস্তুত কৰা মডেলৰ সমাহাৰ বুলি জানিব দিয়ে৷ আই আই টি গুৱাহাটীৰ সহযোগী অধ্যাপক পলাশ ঘোষে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে যিকোনো এটা মডেলৰ ওপৰত ভিত্তি কৰা প্রতিবেদন যুগুত কৰিলে তেনে সমীক্ষা বিভ্রান্তিকৰ হ’ব পাৰে৷ সেয়েহে তিনিটা ভিন ভিন সমীক্ষা প্রস্তুত কৰা মডেলৰ সমাহাৰ এই গৱেষণাত অৱলম্বন কৰা হৈছে বুলিও গৱেষকগৰাকীয়ে জানিব দিয়ে৷ গৱেষকসকলৰ এই অনুমান সঁচা হ’লে আগন্তুক এমাহত ক’ৰোনাৰ সংক্রমণে দেশৰ বাবে উদ্বেগৰ বিষয় হ’ব বুলিও গবেষকগৰাকীয়ে জানিব দিয়ে ৷