নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাষ্টবিন–পথৰ দাঁতিত পি পি ই কিট উদ্ধাৰঃ বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডে মাতিছে ভয়াৱহ বিপদ

নিয়মীয়া বাৰ্তা, ১৮ মেঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে দিনে–নিশাই যুদ্ধকালীন তৎপৰতাৰে প্রচেষ্টা অব্যাহত ৰাখিছে৷ যিকোনো সন্দেহজনক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সংক্রমণৰ আশংকা থকা তেনে লোকক বিভিন্ন ঠাইত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে৷ আনহাতে, ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা ব্যক্তি বা আক্রান্ত হোৱাৰ সন্দেহ কৰা ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা বা নমুনা সংগ্রহৰ বাবে যোৱা চিকিৎসক বা চিকিৎসাকর্মীসকলে পৰিধান কৰিব লাগে পি পি ই কিট, মাস্ক, গ্ল’ভছ, কেপ, ডিছপ’জেবল জোতা আদি৷

আনহাতে, স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে পৰিধান কৰা এইবোৰ সামগ্রী য’তে ত’তে পেলাই দিয়াৰ সলনি ইনছিনাৰেটৰত দাহ কৰিব লাগে৷ কিন্তু মহানগৰীৰ লখৰাৰ ডাষ্টবিন আৰু লাখটকীয়াৰ ২নং ৰে’ললাইনৰ সমীপত পথৰ দাঁতিত পি পি ই কিট উদ্ধাৰ হোৱা ঘটনাই সমগ্র মহানগৰবাসীলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ উল্লেখ্য যে সুৰক্ষা কৱচ হিচাপে পৰিচিত পি পি ই কিট, মাস্ক, গ্ল’ভছ আদি পৰিধান কৰি স্বাস্থ্যকর্মীয়ে ক’ৰোনা আক্রান্ত ব্যক্তিৰ ওচৰলৈ যোৱাৰ পিছত ভাইৰাছ এই সুৰক্ষা কৱচত লাগি অহাৰ সম্ভাৱনা থাকে৷ যাৰ বাবে এইবোৰ সামগ্রী ব্যৱহাৰৰ পিছত য’তে ত’তে পেলাই দিয়াৰ সলনি বিজ্ঞানসন্মত পদ্ধতিৰে ইনছিনাৰেটৰত দাহ কৰিব লাগে৷ এইদৰে ডাষ্টবিন বা পথৰ দাঁতিত পেলাই দিয়া স্বাস্থ্যকর্মীৰ সামগ্রীবোৰ গুৱাহাটী পৌৰ নিগমৰ কর্মীয়ে গাড়ীৰে কঢ়িয়াই আনি বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত পেলোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

মন কৰিবলগীয়া যে গুৱাহাটী পৌৰ নিগমৰ দুই শতাধিক সৰু–বৰ গাড়ীয়ে দৈনিক মহানগৰীৰ আৱর্জনা কঢ়িয়াই বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত পেলোৱাৰ ফলত এই গাড়ীসমূহৰ চালক–হেণ্ডিমেনৰ দেহলৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ তদুপৰি ডাম্পিং গ্রাউণ্ডত আছে বিশটাতকৈও অধিক ডেম্প৷ এই ডেম্পত থকা পুৰুষ–মহিলাকে ধৰি তেওঁলোকৰ ল’ৰা–ছোৱালীবোৰে ডাম্পিং গ্রাউণ্ডৰ আৱর্জনাৰ মাজত লোহা, টিং, প্লাষ্টিক আদি সামগ্রী বিচাৰি পিত্পিতাই ফুৰে৷ তদুপৰি ডেম্পৰ এইসকল লোকে বজাৰ–সমাৰ কৰিবলৈ বৰাগাঁও, গড়চুক আদিলৈ সঘনাই অহা–যোৱা কৰে৷ বিজ্ঞানসন্মতভাৱে দাহ কৰাৰ সলনি ডাষ্টবিনত পেলাই দিয়া পিপিইকিট, মাক্স, গ্লোভছ আদিৰ পৰা মাৰাত্মক ক’ৰোণা ভাইৰাছৰ বীজাণু এইসকল লোকৰ দেহলৈ বিয়পাৰ লগতে দোকান–বজাৰলৈ অহা সেইসকল লোকৰ পৰা ভয়াৱহ সামাজিক সংক্রমণ হোৱাৰ আশংকা আছে৷ যাৰবাবে সচেতন লোকসকলে এইক্ষেত্রত শীঘ্রে বিহীত ব্যৱস্থা ল’বলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগক দাবী জনাইছে৷

You might also like