নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একাংশ সংবাদ মাধ্যমক স্বাস্থ্যমন্ত্রীৰ আহ্বানঃ কৰযোৰে কৈছোঁ চিকিৎসক–নার্ছৰ মনোবল হ্রাস কৰা কাম নকৰিব

নিয়মীয়া বাৰ্তা, ১৮ মেঃ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্যৰ স্বাস্থ্য বিভাগে অহর্নিশে ক’ৰোনাৰ বিৰুদ্ধে অবিৰত যুদ্ধ চলাই থকাৰ সময়তে একাংশ প্রচাৰ মাধ্যমে চিকিৎসক–নার্ছৰ ভূমিকাক লৈ প্রশ্ন উত্থাপন, সমালোচনা কৰা কার্যত গভীৰ উদ্বেগ প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি মন্ত্রী ড০ শর্মাই এই সময়ছোৱাত চিকিৎসক–নার্ছৰ মনোবল হ্রাস কৰা কোনো কাম নকৰিবলৈ সকলোলৈ আহ্বান জনায়৷ চিকিৎসক–নার্ছৰ মনোবল হ্রাস কৰিব পৰা কার্যৰ পৰা আটাইকে বিৰত থাকিবলৈ হাতযোৰ কৰি আহ্বান জনাই মন্ত্রী ড০ শর্মাই কয় যে এই মুহূর্তত চিকিৎসক–নার্ছসক ভগৱানসদৃশ কাম কৰি আছে৷ এনে অৱস্থাত তেওঁলোকক সমালোচনা কৰিলে যদিহে তেওঁলোক কর্তব্যলৈ নহা হয়, তেতিয়া অধিক সমস্যাৰ সৃষ্টি হ’ব৷ চিকিৎসাকর্মীৰ ত্যাগক উলাই নকৰিবলৈ আহ্বান জনাই তেওঁ কয় যে চিকিৎসক–নার্ছৰ মনোবল হ্রাস কৰা কোনো কাম কৰা এই মুহূর্তত উচিত নহয়৷ এই পৰিস্থিতিত তেনে কার্যৰ পৰা আটায়ে আঁতৰি থকা উচিত৷

চিকিৎসক–নার্ছে কাম নকৰিলে মন্ত্রী–বিধায়কসকল্ একো কৰিব নোৱাৰে৷ তেওঁলোকে ভগৱানৰ দৰে কাম কৰি আছে৷

মন কৰিবলগীয়া এয়ে যে ৰাজ্যখনৰ চিকিৎসক, নার্ছ আৰু স্বাস্থ্যকর্মীসকলে বিগত দিনসমূহত যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ক’ৰোনাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে৷ চিকিৎসক–স্বাস্থ্যক এনে অবিৰত সংগ্রামৰ বাবেই দেশৰ আন ৰাজ্যৰ তুলনাত অসমে লক্ষণীয়ভাৱে ক’ৰোনাবিৰোধী যুঁজত যথেষ্ট সফলতা প্রদর্শন কৰিবলৈ সক্ষম হৈছে৷ ক’ৰোনা ৰোগী সুস্থ হৈ উঠাৰ ক্ষেত্রত অসমৰ প্রদর্শন দেশৰ ভিতৰতে উল্লেখনীয়৷

সেইদৰে মৃত্যুৰ হাৰো সর্বভাৰতীয় হাৰৰ তুলনাত কম৷ এয়া সম্ভৱ হৈছে চিকিৎসক–চিকিৎসা সেৱাৰ বাবেহে৷ কিন্তু ইমানৰ পিছতো একাংশ প্রচাৰ মাধ্যমে চিকিৎসক–চিকিৎসা সমালোচনাৰ লক্ষ্য হিচাপে লোৱাটো নিতান্তই দুর্ভাগ্যজনক৷ আনহাতে মন্ত্রী ড০ শর্মাই টুইটাৰত প্রকাশ কৰা অনুসৰি ফাঁচীবজাৰ অঞ্চলৰ ৩০০ৰো অধিক লোকৰ ছোৱাব টেষ্টৰ ফলাফল নিগেটিভ আহিছে৷ অৱশ্যে ৯০টা ছোৱাব টেষ্টৰ ফলাফল আহিবলৈ এতিয়াও বাকী আছে৷

You might also like