নিয়মীয়া বাৰ্তা, ১৮ মেঃ লাডাখত চীনা সেনাৰ সৈতে সংঘাটত লিপ্ত হোৱাৰ পাছতেই উক্ত অঞ্চলত ভাৰতীয় সেনাৰ শক্তি বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে নতুন দিল্লীয়ে৷ উল্লেখ্য যে গলৱান নদীৰ সমীপত চীনৰ পিএলএৰ জোৱানে তম্বু সজাৰ পাছতেই কিছুদিন পূর্বে দেশখনৰ সেনাৰ সৈতে সীমান্তত কর্মৰত ভাৰতীয় জোৱানৰ সংঘর্ষ হৈছিল৷
১৯৬২ চনত যুদ্ধৰ ফ্লেছপইণ্ট বুলি চর্চিত গলৱান নদীৰ পাৰত চীনা সৈন্যই তম্বু সজাৰ লগতে সীমান্ত অতিক্রম কৰি ভাৰতীয় ভূমিত নির্মাণকার্যৰ যো–জা কৰিছিল৷ এনে সময়তেই ভাৰতীয় সেনাই চীনৰ এই কার্যক বাধা প্রদান কৰাত দুয়ো দেশৰ সেনাৰ মাজত হতাহতি হৈছিল৷ কার্যতঃ এনে পৰিস্থিতিৰ পাছতেই নতুন দিল্লীয়ে এলএচিত পিএলএৰ আগ্রাসী কার্য ৰোধৰ বাবে সেনা শক্তি বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে৷ লাডাখৰ সমগ্র পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকাৰ লগতে সীমান্তত ভাৰতীয় সেনাৰ শক্তি বৃদ্ধি কৰিব বুলি সেনাৰ শীর্ষত সূত্রত প্রকাশ৷
মন কৰিবলগীয়া যে লাডাখ অঞ্চলত বিগত দশক দশক ধৰি চীনা সৈন্যই আগ্রাসী ভূমিকা গ্রহণ কৰাৰ বাবেই দুয়ো দেশৰ মাজত সীমান্তত বিবদমান পৰিৱেশৰ সৃষ্টি হৈ আহিছে৷ লাডাখৰ পূব প্রান্তৰ ডেমছ’কত বিগত সপ্তাহত চীনা সৈন্যৰ সৈতে ভাৰতীয় সেনাৰ হতাহতি হৈছিল৷