দেশ বিদেশবিনোদনশিল্পীৰ পৃথিৱী বিগত ৫ মাহৰ পৰা মানসিক চাপৰ চিকিৎসা চলি আছিল সুশান্ত সিং ৰাজপুতৰ By নিয়মীয়া বাৰ্তা On Jun 15, 2020 Share নিয়মীয়া বাৰ্তা ১৫ জুনঃ মহেন্দ্র সিং ধোনীৰ বায়’পিকত দুর্দান্ত অভিনয়েৰে উজলি উঠা বলীউডৰ তাৰকা অভিনেতা সুশান্ত সিং ৰাজপুতৰ আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে বলীউড জগতত । প্রতিভাৱান অভিনেতাজনৰ মৃত্যুৰ বাতৰিত হতচকিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল । মুম্বাই আৰক্ষীৰ ডিচিপি অভিষেক ত্রিমুখেই জনোৱা মতে, সুশান্তই মানসিক চাপৰ বাবে আত্মহত্যা কৰা বুলি প্রাথমিক তদন্তত নিশ্চিত কৰা হৈছে৷ ইপিনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, সুশান্তৰ ভগ্নীয়ে কৈছে যে অভিনেতাজনৰ বিগত ৫ মাহৰ পৰা মানসিক চিকিৎসা চলি আছিল । ৫ দিন পূৰ্বে অভিনেতাজনৰ সৈতে ভগ্নীয়ে ফোনত বাৰ্তালাপ কৰিছিল । তেতিয়া সুশান্তই তেওঁৰ স্বাস্থ্য সুস্থিৰ নাছিল বুলি জনাইছিল । তাৰপাছত ভগ্নীগৰাকী বান্দ্রাৰ বাসগৃহলৈ আহি ২ দিন থাকি গৈছিল । ইপিনে তেওঁ হতাশাৰ ঔষধ লোৱা বাদ দিছিল । লগতে তেওঁৰ বন্ধু আৰু ঘৰৰ বনকৰা ল’ৰাই কোৱা অনুসৰি, কিছু দিনৰ পৰা সুশান্ত বেছিকৈ হতাশাত ভুগিছিল । শেহতীয়াকৈ মুম্বাই আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, এই আত্মহত্যাৰ ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে শীঘ্ৰে অভিনেতাজনৰ প্ৰেয়সী ৰিয়া চক্ৰবৰ্তীক সোধপোছ কৰিব । Share