বিবাহৰ পৰিকল্পনাৰে সুশান্তই বিচাৰি আছিল নতুন ঘৰ
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা কৰি আছিল সদ্যপ্ৰয়াত অভিনেতা সুশান্ত ৰাজপুত আৰু তেওঁৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীয়ে।
যুগ্ম জীৱন যাপনৰ বাবে দুয়োৱে বান্দ্ৰা অঞ্চলতে বিচাৰি আছিল ঘৰ। এই তথ্য সদৰী কৰিছে ৰিয়াৰ সহযোগী ছোনী সিঙে। সাংবাদিকৰে হোৱা মত বিনিময়ত ছোনী সিঙে কয় যে বৰ্তমানৰ ঘৰটোৰ সলনি নতুন ঘৰৰ সন্ধানত আছিল দুয়ো।
কাৰণ বলীউদী লাইফ ষ্টাইলৰ মাজত সাঙোৰ খোৱা সুশান্তৰ ওচৰৰ বাসিন্দাই কোনো কোনো ক্ষেত্ৰত তেওঁক অসুবিধা দি আছিল। বিশেষকৈ লেট নাইট পাৰ্টী আদিৰ কাৰণে ওচৰৰ বাসিন্দাৰ পৰা তেওঁ জাননীও লাভ কৰিছিল। গতিকে নতুন ঘৰ বিচাৰি পালেই হয়তো দুয়োজনে বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা বাস্তৱায়িত কৰিলে হয়।
ৰিয়াই ছোনীকো ঘৰৰ সন্ধান পালে জনাবলৈ কৈছিল আৰু বিবাহৰ বিষয়েও জনাইছিল। দুয়োৰে মাজৰ সম্পৰ্ক পিছলৈ কিছু স্তিমিত হৈছিল যদিও সেয়া সাময়িক বুলিয়েই ক’ব বিচাৰে ছোনীয়ে।