নিয়মীয়া বাৰ্তা ১৭ জুনঃ সংঘাত নহয়, সোমবাৰে নিশা লাডাখৰ বহু বিতর্কিত গলৱাল উপত্যকাত ভাৰত–চীনৰ মাজত প্রত্যক্ষ যুদ্ধৰ সূচনা হ’ল৷ লাডাখ সীমান্তত দুয়োপক্ষৰ সেনা বিষয়াসহ অর্ধশতাধিক জোৱানৰ মৃত্যুৱে নতুন দিল্লী আৰু বেইজিঙৰ কূটনৈতিক কার্যালয়সমূহক ৰুদ্ধশ্বাস পৰিস্থিতিৰ মাজত ব্যস্ত কৰি ৰাখিলে৷ দুয়োখন দেশৰ চৰকাৰী বিবৃতি মতে সোমবাৰে নিশা মাজভাগলৈকে চলি থকা এই সংঘর্ষত অস্ত্র–শস্ত্র ব্যৱহাৰ কৰা হোৱা নাছিল যদিও হতাহতৰ বর্ধিত সংখ্যাই দুয়োপক্ষৰ মাজত গুলীবর্ষণৰ ইংগিত দিছে৷ ভাৰতীয় সেনাৰ এক সূত্রয়ো প্রকাশ কৰা মতে, চীনা সেনাবাহিনীয়ে ই এল এয়ে পাহাৰৰ ওপৰৰ পৰাই গুলীবর্ষণ কৰাৰ বিপৰীতে ভাৰতীয় সেনাই তলৰ পৰা ইয়াৰ প্রত্যুত্তৰ দিছিল৷ মাজনিশা দুয়োপক্ষ আঁতৰি যোৱাৰ পাছত হতাহত বহু জোৱান ঘটনাস্থলীত পৰি ৰয়৷ চীনৰ ৪০জনৰো অধিক জোৱান হতাহত হোৱা বুলি চীনা সেনাৰ ৱায়াৰলেছ বার্তাৰ ইণ্টাৰছেপ্টত নিশ্চিত হোৱাৰ কথা সেনা সূত্রই সংবাদ প্রতিষ্ঠানক জনাইছে৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে, ৪৩জনকৈ চীনা জোৱান হতাহত হৈছে এই ঘটনাত৷ ইয়াৰে অধিকাংশৰে মৃত্যু হোৱা বুলি অসমর্থিত সূত্রই প্রকাশ কৰে৷ মঙলবাৰে দিনৰ ভাগত উক্ত অঞ্চলত সঘন চীনা হেলিকপ্টাৰৰে অৱতৰণ কৰে৷ আহত ব্যক্তিৰ লগতে মৃত জোৱানৰ দেহ উঠাই নিয়াৰ বাবে এল এ চিত পুৱাৰে পৰা চীনা হেলিকপ্টাৰৰে অহা–যোৱা অব্যাহত থাকে৷ দুর্ভাগ্যবশতঃ ভাৰতৰো ২০জনকৈ সেনাই এই প্রত্যক্ষ সংঘাতত প্রাণ হেৰুৱাব লগা হয়৷ ইয়াৰ ভিতৰত এজন কর্নেলো আছে৷ তেলেংগানাৰ কমাণ্ডিং অফিচাৰ কর্নেল বি সন্তোষ বাবুৰ লগতে দুই জোৱান ঝাৰখণ্ডৰ কুণ্ডন ওজা আৰু তামিলনাডুৰ হাবিলদাৰ পালানিৰ প্রত্যক্ষ সংঘাতত মৃত্যু হোৱা বুলি চৰকাৰী বিবৃতিত পুৱাৰ ভাগতে প্রকাশ কৰা হৈছিল৷ নিশা সেনাৰ বিবৃতিত স্পষ্ট কৰা হয় যে এই ঘটনাত বিষয়াসহ ২০জন সেনা জোৱান নিহত হৈছে৷ ইয়াৰে ১৭জন সংঘর্ষৰ সময়ত অত্যন্ত গুৰুতৰভাৱে আহত হৈছিল৷ লাডাখৰ শূন্য ডিগ্রী চেণ্টিগ্রেডৰ তলৰ তাপমাত্রা সহ্য কৰিব নোৱাৰি আঘাতপ্রাপ্ত এই সেনা জোৱানকেইজনে মৃত্যুক সাবটি লয়৷ সেনাৰ বিবৃতিত লগতে কোৱা হয় যে দেশৰ ভৌগোলিক অখণ্ডতা আৰু সার্বভৌমত্ব ৰক্ষাৰ বাবে ভাৰতীয় সেনাবাহিনী সংকল্পবদ্ধ৷ দুয়োপক্ষৰ মাজত হঠাৎ হোৱা এই সংঘর্ষত প্রধানকৈ শিলগুটিৰে আক্রমণ কৰা হৈছিল৷ নির্ভৰযোগ্য সূত্রই প্রকাশ কৰা মতে, কেইবাসপ্তাহজুৰি চীনৰ আগ্রাসনৰ ফলত উত্তপ্ত হৈ থকা গলৱালৰ পৰা চীনা সৈন্যৰ অপসাৰণৰ প্রক্রিয়া চলি থকাৰ সময়ত এনে এক ঘটনা আছিল অপ্রত্যাশিত৷ তাৰ মাজতে দুয়োপক্ষৰ সৈন্যৰ মাজত সংঘাত আৰম্ভ হয় আৰু কর্নেল সন্তোষ বাবুক চীনা জোৱানে চোকা অস্ত্রৰে আক্রমণ কৰি হত্যা কৰে৷ এই বিষয়ে অন্ধকাৰ আৰু বৰফাবৃত্ত পৰিৱেশৰ মাজত ভাৰতীয় জোৱানে প্রথমাৱস্থাত গম পোৱা নাছিল৷ কিন্তু কর্নেলজনৰ মৃত্যুৰ বিষয়ে গম পোৱাৰ লগে লগে উত্তেজিত হৈ পৰে ভাৰতীয় জোৱানসকল আৰু সংঘর্ষই তীব্র ৰূপ ধাৰণ কৰে৷ আৰম্ভণিতে শিলগুটি, ৰড আদিৰে পৰস্পৰক আক্রমণ কৰাৰ পাছত পৰৱর্তী পর্যায়ত মুখামুখিকৈ দুয়োপক্ষৰ মাজত ঘুচিয়াঘুচি হয়৷ জানিব পৰা মতে, উক্ত সময়ত গলৱালৰ এল এ চিত ৮০০ৰ পৰা ১০০০ ভাৰতীয় সৈন্য আছিল৷ চীনৰো প্রায় সমসংখ্যক সৈন্য তাত উপস্থিত আছিল৷ মাজনিশা দুয়োপক্ষৰ সৈন্য আঁতৰি যোৱাৰ পাছৰে পৰা বেইজিং আৰু দিল্লীৰ মাজত অনানুষ্ঠানিকভাৱে কূটনৈতিক যোগাযোগ স্থাপন হোৱা বুলি জানিব পৰা গৈছে৷ মঙলবাৰে পুৱা ৭.৩০ বজাৰ পৰা পাঁচ ঘণ্টাজুৰি ভাৰতীয় সৈন্য আৰু পি এল এৰ মেজৰ–জেনেৰেলসহ সেনাৰ দল আলোচনাত মিলিত হয়৷ স্বাভাৱিকতে দুয়োপক্ষই পৰস্পৰক এই সংঘাতৰ বাবে দোষাৰোপ কৰিলেও আলোচনাৰ অন্তত পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে মেজৰ–জেনেৰেল পর্যায়ত যৌথ সিদ্ধান্ত লোৱা হয়৷ অৱশ্যে এই সিদ্ধান্তৰ বিষয়ে সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই৷ স্মর্তব্য যে যোৱা মে’ মাহৰ মাজভাগতো পূব লাডাখৰ পেংগং হ্রদৰ কাষত দুয়োখন দেশৰ সৈন্যই লাঠী–শিলেৰে আক্রমণত লিপ্ত হৈছিল৷ অৱশ্যে এই সংঘর্ষৰ তুলনাত সোমবাৰে নিশা সংঘটিত সংঘর্ষ বিৰল বুলি সামৰিক বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷ লক্ষণীয় যে ৪৫ বছৰৰ পূর্বেই এল এ চিত দুয়োপক্ষৰ সংঘর্ষত এজন ভাৰতীয় সেনাই শেষবাৰলৈ প্রাণ বিসর্জন দিবলগীয়া হৈছে৷
লাডাখৰ পৰিস্থিতি অত্যন্ত স্পর্শকাতৰ
ভাৰতীয় সেনাৰ এক সূত্রই প্রকাশ কৰা মতে, নিশা গলৱালত নিয়মিত টহলৰ সময়ত ভাৰতীয় ভূখণ্ডলৈ সোমাই অহা চীনৰ পিপলছ লিবাৰেচন আর্মীৰ এটা সশস্ত্র দলে অতর্কিতে আক্রমণ চলায়৷ ইপিনে পুৱা চীনৰ মুখপত্র স্বৰূপ ‘গ্ল’বেল টাইমছ’ৰ মুখ্য সম্পাদক হু জি জিনে টুইটাৰযোগে প্রকাশ কৰিছিল যে এই সংঘর্ষত পাঁচজন চীনা সৈনিক নিহত হোৱাৰ উপৰি আন ১১জন আহত হৈছে৷ হু জি জিনৰ এই টুইটাৰক সমর্থন কৰি সংবাদ–পত্রখনৰ চীফ ৰিপ’টাৰ ৱাং ৱেনৱেনেও নিজৰ টুইটাৰত সংঘর্ষত পাঁচজনকৈ চীনা সৈন্য নিহত হোৱাৰ কথা দোহাৰিছে৷ উল্লেখনীয় যে এই প্রতিবেদকে লাডাখ ভ্রমণ কৰি যুগুত কৰা এলানি প্রতিবেদনত স্পষ্টকৈ উল্লেখ কৰিছিল যে লাডাখৰ পৰিস্থিতি অত্যন্ত স্পর্শকাতৰ আৰু বিস্ফোৰক হৈ আছে আৰু যিকোনো মুহূর্ততে দুয়োখন চুবুৰীয়া ৰাষ্ট্রৰ মাজত এক ভয়ানক সংঘর্ষৰ সূত্রপাত ঘটিব পাৰে৷ আনকি এই প্রতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে চীনা সৈন্যই গলৱাল উপত্যকাত প্রভাৱ বিস্তাৰ কৰি ভাৰতক তীব্রভাৱে প্রৰোচিত কৰি আহিছে৷ ‘নিয়মীয়া বার্তা’ত গ্রাউণ্ড জিৰ’ ৰিপ’টত আশংকা কৰাৰ দৰেই সোমবাৰে নিশা দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত ভয়ানক সংঘর্ষ সৃষ্টি হয়৷ বর্তমানে লাডাখত এই সংঘর্ষক লৈ তীব্র উত্তেজনাই বিৰাজ কৰি আছে আৰু স্থানীয় সূত্রই জনোৱা মতে, যিকোনো মুহূর্ততে পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটিব পাৰে৷
শিল–লাঠীৰে আক্রমণ নে গুলীয়াগুলী
ভাৰতীয় সেনাবাহিনীয়ে প্রকাশ কৰা বিবৃতিত দুয়োখন দেশৰ সেনাই শিলগুটি নিক্ষেপ আৰু লাঠী–ৰডেৰে পৰস্পৰক আক্রমণ চলাইছিল বুলি প্রকাশ কৰাৰ বিপৰীতে লাডাখস্থিত সেনাবাহিনীৰ এক সূত্রই প্রকাশ কৰিছে যে প্রথম অৱস্থাত হতাহতিৰ পর্যায়ত আছিল যদিও পিছলৈ দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত প্রচণ্ড গুলীয়াগুলী হৈছিল৷ সূত্রটোৰ মতে, এই ঘটনাৰ সূত্রপাত হৈছিল নিশা ৮ বজাত৷ সমুদ্র পৃষ্ঠৰ পৰা প্রায় ১৪,০০০ ফুট উচ্চতাত থকা গলৱালৰ ছাব ছেক্টৰ নর্থ (এছ এছ এন) পথৰ দাঁতিত থকা ছ্যোক নদীৰ পাৰে পাৰে ভাৰতীয় সেনাৰ এটা বৃহৎ দলে পেট্র’লিঙৰ বাবে গৈছিল৷ এই নির্দিষ্ট স্থানৰ পৰা পেট্র’লিং সামৰি উভতি অহাৰ সময়তে চীনা সেনাৰ এটা দলে ভাৰতীয় সেনাৰ দলক বাট ভেটি ধৰে আৰু তাতেই দুয়ো দলৰ মাজত প্রচণ্ড সংঘর্ষ সৃষ্টি হয়৷ ভাৰতীয় সেনাৰ প্রহাৰত চীনা সেনাৰ দলটো কিছু পিছহুঁহকি যোৱাৰ সময়তে পর্বতৰ ওপৰৰ পৰা পিপলছ লিবাৰেচন আর্মীৰ জোৱানে গুলীবর্ষণ কৰে৷ প্রত্যুত্তৰত ভাৰতীয় সেনায়ো গুলী চলায় আৰু দুয়োপক্ষৰ মাজত প্রায় আধা ঘণ্টা ধৰি প্রচণ্ড গুলীয়াগুলী চলি থাকে৷ এই গুলীয়াগুলীতে দুয়োপক্ষৰ বিষয়াসহ সেনা জোৱান নিহত হোৱা বুলি সূত্রটোৱে দাবী কৰিছে৷ অৱশ্যে লাডাখস্থিত সেনা সূত্রই এই দাবী কৰাৰ বিপৰীতে ‘গ্ল’বেল টাইমছ’ৰ মুখ্য সম্পাদক হু জি জিনে দাবী কৰিছে যে ভাৰতীয় সেনাবাহিনীহে প্রথমটো সংঘর্ষৰ সূত্রপাত ঘটাইছিল৷ ইপিনে এতিয়ালৈকে কোনো পক্ষই আনুষ্ঠানিকভাৱে প্রকাশ নকৰা কাৰণে প্রকৃততে সোমবাৰে নিশা আঠ বজাত গলৱালত হতাহতি হৈছিল নে গুলীয়াগুলী হৈছিল, সেয়া এতিয়া স্পষ্ট হোৱা নাই৷
লাডাখৰ এল এ চিৰ ঘটনাক লৈ উদ্বিগ্ণ ৰাষ্ট্রসংঘৰ সচিবপ্রধান
দুয়োপক্ষক সংযমী হ’বলৈ আহ্বান
লাডাখৰ এল এ চিত ভাৰত আৰু চীনৰ মাজত সংঘর্ষত জোৱানৰ মৃত্যুক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে ৰাষ্ট্রসংঘই৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ সচিবপ্রধান এণ্টনী’ গুটেৰেছৰ সহযোগী মুখপাত্র এৰী কানেকে এক বিবৃতিত সচিবপ্রধানগৰাকীয়্ এল এ চিত দুই দেশৰ সেনাৰ মাজৰ সংঘাতক লৈ উদ্বিগ্ণতা প্রকাশ কৰা বুলি উল্লেখ কৰি দুয়ো দেশক সংযমী হ’বলৈ আহ্বান জনাইছে৷