নিয়মীয়া বাৰ্তা, ১৮ জুনঃ অৱশেষত সমাপ্তি ঘটিল এটা অধ্যায়ৰ। সুঠাম-সবল কান্তিৰ সুশান্ত ৰাজপুত আজি গংগা মাতৃৰ কোলাত শুই পৰিল নিৰৱে।
হয়, পৱিত্ৰ গংগাৰ পানীত ঢালি দিয়া হ’ল ‘পৱিত্ৰ ৰিস্তা’, ‘ধোনিঃ দ্য আনটোল্ড ষ্ট’ৰী’ৰ অভিনেতাজনৰ অস্থি। অলেখ প্ৰিয় কলা-কুশলীৰ চকু সেমেকাই তেওঁ গুচি যোৱাৰ আজি পাঁচদিন হ ‘ল।
ধৰ্মীয় ৰীতি অনুসৰি সুশান্ত সিং ৰাজপুতৰ বিদেহ আত্মাৰে সম্পৰ্ক চ্ছেদ কৰে পৰিয়ালবৰ্গই। আজি দুপৰীয়া বিহাৰৰ এন আই টি ঘাটত পিতৃ-ভগ্নীয়ে গংগাত বিসৰ্জন দিয়ে সুশান্তৰ অস্থি। উল্লেখ্য যোৱা দেওবাৰে সুশান্তই আত্মহত্যা কৰিছিল মুম্বাইস্থিত বাসগৃহত আৰু তেতিয়াৰে পৰা বলীউদী পৰিয়ালতন্ত্ৰক লৈ চলি আছে তীব্ৰ বিতৰ্ক।