দেশত ৬ লক্ষাধিক লোক ক’ৰোনাত আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ২ জুলাইঃ দেশজুৰি বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্য়া। বিগত ২৪ঘণ্টাত আক্ৰান্ত হৈছে ১৯,১৪৮গৰাকী লোক।
বৰ্তমান সমগ্ৰ দেশতেই আক্ৰান্তৰ সংখ্য়া ৬লাখ, ৪হাজাৰ ৬৪১জন লোক। ২, ২৬,৯৪৭ জন লোক সক্ৰিয় অৱস্থাত থকাৰ উপৰিও ৩,৫৯,৮৬০গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভটিছে।
উল্লেখযোগ্য যে ৪৩৪জন ৰোগীৰ ইতিমধ্যে মৃত্যু হৈছে ক’ভিডত। সমগ্ৰ দেশতে মৃত্যু হৈছে ১৭,৮৩৪জন লোক।
দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্য়া সৰ্বাধিক। মুঠ ১লাখ ৮০হাজাৰ ২৯৮জন লোক আক্ৰান্ত হৈছে ৰাজ্যখনত। ইয়াৰ পিছতে আছে তামিলনাডু। ৰাজ্যখনত আক্ৰান্ত হৈছে ৯৪,০৪৯জন লোক, আৰু দিল্লীত আক্ৰান্ত হৈছে ৮৯,৮০২জন লোক।