নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকলি হোৱাৰ লগে লগে ৫০ হাজাৰ লোকে ডাউনলোড কৰিলে TikTok ৰ দৰে এইটো ভাৰতীয় এপ

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ চীনৰ সৈতে সীমা বিবাদ চলি থকাৰ মাজতে শেহতীয়াকৈ ভাৰত চৰকাৰে ৫৯ টা চাইনীজ এপ নিষিদ্ধ ঘোষণা কৰিছে । এই ৫৯ টা এপ নিষিদ্ধ ঘোষণা হোৱাৰ পাছতেই এটা এটাকৈ মেড ইন ইণ্ডিয়া মোবাইল এপ এতিয়া মুকলি কৰা হৈছে ।

ইয়াৰ মাজতে ছ’চিয়েল মিডিয়া এপ চেয়াৰচাটে এতিয়া টিকটিকৰ দৰে তেওঁলোকৰ এটা নতুন এপ মোজ(Moj) মুকলি কৰিছে ।

   মোজ(Moj) হৈছে এক ঘৰুৱা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম, যাৰ পেৰেণ্ট কোম্পানী হৈছে চেয়াৰচাট । এই মোজ(Moj) এপ গুগল প্লে’ষ্টৰত সহজেই উপলব্ধ । মোজ(Moj)ৰ ফিচৰ্ছসমূহ টিক-টকৰ দৰেই হয় । এই এপটো ব্যৱহাৰকাৰীজনে ছুটি ভিডিঅ’ প্ৰস্তুত, স্পেছিয়েল এফেক্ট, ষ্টিকাৰ্ছ আৰু ইম’ছনৰ দৰে বৈশিষ্ট লাভ কৰিব ।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে এইটো এপ ১৫ টা ভাৰতীয় আঞ্চলিক ভাষাত আছে । ইয়াত ইংৰাজী ভাষা চাপৰ্ট নহয় ।

উল্লেখ্য যে চেয়াৰচাটে সকলোৰে অজ্ঞাতে অতি কৌশেলেৰে এই এপটো মুকলি কৰে । কিন্তু এই এপটো মুকলি হোৱাৰ মাত্ৰ ২ দিনৰ ভিতৰতে ৫০,০০০ লোকে ইয়াক ডাউনলোড কৰিছে । লগতে এই এপটোৱে ৫ ৰ ভিতৰত ৪.৩ ৰেটিং লাভ কৰিছে ।

You might also like