নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আচম্বিতে লাডাখত ভৰি থৈ চীনক সকীয়নি মোদীৰ

সম্প্রসাৰণবাদৰ সময় উকলিল, সাহসেৰেহে শান্তি প্রতিষ্ঠা সম্ভৱ

 নিয়মীয়া বাৰ্তা ৪ জুলাইঃ  সীমান্তত ব্যাপক সমৰসজ্জা অব্যাহত থকাৰ মাজতে শুকুৰবাৰে আচম্বিতে লাডাখত উপস্থিত হৈ ৰঙা চীনক কার্যতঃ সকীয়নি দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ হাতত শ্বহীদ হোৱা ২০ ভাৰতীয় জোৱানে সমগ্র বিশ্বক শক্তিশালী বার্তা দিয়াৰ প্রসংগৰে চীনক সকীয়নি দি প্রধানমন্ত্রী মোদীয়ে কয়– ‘সম্প্রসাৰণবাদৰ অৱসান ঘটিছে৷ এতিয়া উন্নয়নৰ যুগ৷ ইতিহাস সাক্ষী যে সম্প্রসাৰণবাদী শক্তিয়ে হয়তো হেৰুৱায় অথবা উভতি যাবলৈ বাধ্য হয়৷’ তদুপৰি চুবুৰীয়া ৰাষ্ট্রখনক সকীয়াই মোদীয়ে কয়– ‘যিসকল দুর্বল তেওঁলোকে কেতিয়াও শান্তিৰ পৃষ্ঠপোষকতা নকৰে৷ সাহসেৰেহে শান্তি প্রতিষ্ঠা সম্ভৱ৷ এলএচিত ভাৰতীয় সেনাই সামৰিক শক্তি বৃদ্ধি কৰি থকাৰ সময়তে শুকুৰবাৰে পুৱা প্রধানমন্ত্রী মোদীয়ে সেনাক উৎসাহিত কৰাৰ লক্ষ্যৰে লাডাখত উপস্থিত হয়৷ লাডাখৰ নিমুত প্রধানমন্ত্রী মোদীয়ে কর্মৰত স্থলসেনা, বায়ুসেনা আৰু আইটিবিপিৰ জোৱানৰ সৈতে বার্তালাপত মিলিত হয়৷ লাডাখত উপস্থিত হোৱাৰ লগে লগে প্রধানমন্ত্রী মোদীক সেনা জোৱানসকলে ভাৰত মাতা কি জয়, বন্দে মাতৰম ধ্বনিৰে আদৰণি জনায়৷ চিডিএছ জেনেৰেল বিপিন ৰাৱাট আৰু সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰৱানেৰ সৈতে নিমুত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে সেনাৰ বীৰত্ব আৰু ত্যাগক ভূয়সী প্রশংসা কৰে৷ সেনা জোৱানসকলক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ‘আপোনালোক আৰু প্রতিদ্বন্দ্বীৰ মাজত তুলনা কৰিলে সাহসৰ ক্ষেত্রত ভাৰতৰ শক্তিৰ বার্তাই বিশ্বই লাভ কৰিছে৷ মই পুনৰ গালৱান উপত্যকাত শ্বহীদ হোৱা জোৱানক শ্রদ্ধাঞ্জলি জনাইছোঁ৷ গালৱানত শ্বহীদ হোৱা সেনাৰ ১৪ কপ’ছৰ সাহসিকতা সকলোতে চর্চিত হৈছে৷ আপোনালোকৰ সাহস আৰু বীৰত্বৰ কাহিনী দেশৰ প্রতি ঘৰতে উচ্চাৰিত হৈছে৷ ‘ভাৰত মাতা’ৰ শত্রুৱে আপোনালোকৰ খং আৰু ক্ষোভ দেখিছে৷’ তদুপৰি প্রধানমন্ত্রী মোদীয়ে শান্তিৰ প্রসংগৰে কয়– ‘আমি একেইজন, যিয়ে বাঁহী বজোৱা ভগৱান শ্রীকৃষ্ণক পূজা কৰোঁ আৰু সুদর্শন চক্রধাৰী ভগৱান শ্রীকৃষ্ণৰ আদর্শক অনুকৰণ কৰোঁ৷’ সাগৰপৃষ্ঠৰ পৰা ১১ হাজাৰ ফুট উচ্চতাৰ নিমুত কর্তব্যৰত জোৱানসকলৰ সাহসক প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে কর্মৰত স্থানৰ উচ্চতাতকৈ তেওঁলোকৰ সাহস সু–উচ্চ৷ তেওঁলোকৰ ত্যাগৰ বাবে ভাৰতৰ স্ব–নির্ভৰশীলতা শক্তি বৃদ্ধি পাইছে৷ ভাৰতীয় জোৱানসকলৰ সৈতে সমগ্র দেশ থিয় দি আছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে সীমান্ত অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যয় তিনিগুণ বৃদ্ধি কৰা হৈছে৷ যুদ্ধক্ষেত্রত অগ্রীম স্থানত মহিলা যুঁজাৰুৰ বিষয়েও চিন্তা কৰি আছে৷ লাডাখৰ লগতে প্রধানমন্ত্রী মোদীয়ে লেহো পৰিদর্শন কৰে৷ লেহত সামৰিক হাস্পতালত  জোৱানসকলৰ স্বাস্থ্যৰ বুজ লৈ প্রধানমন্ত্রী মোদীয়ে গালৱানৰ সংঘর্ষত চীনৰ পিপুলছ লিবাৰেচন আর্মী (পিএলএ) সৈন্যক তেওঁলোকে উচিত প্রত্যুত্তৰ দিয়া সাহস আৰু বীৰত্বৰ প্রশংসা কৰে৷ উল্লেখ্য যে কেন্দ্রীয় প্রতীৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ আজি লাডাখ ভ্রমণ কৰাৰ নির্ধাৰিত কার্যসূচী আছিল যদিও সেয়া বাতিল কৰা হয় আৰু আচম্বিতে লাডাখত উপস্থিত হয় প্রধানমন্ত্রী মোদী৷

You might also like