নিয়মীয় বাৰ্তা, ৫ জুলাইঃ দেশত সংহাৰী ৰূপ ধাৰণ কৰিছে ক’ৰোনাই । বিগত ২৪ ঘণ্টাত দেশত অভিলেখ সৃষ্টি কৰি সৰ্বাধিক ২৪,৮৫০ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰোনাত । লগতে ৬১৩ গৰাকী লোকৰ মৃত্যু ঘটিছে ।
ইয়াৰ লগে লগে দেশত সৰ্বমুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৬,৭৩,১৬৫ গৰাকীলৈ বৃদ্ধি পালে ।
যাৰ ভিতৰত বৰ্তমানো ২,৪৪,৮১৪ গৰাকী লোক চিকিৎসাধিন হৈ আছে । ইয়াৰ বিপৰীতে ৪,০৯,০৮৩ গৰাকী লোক সুস্থ হৈ উঠিছে ।
আনহাতে বৰ্তমানলৈকে ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১৯,২৬৮ গৰাকী ।
India reports the highest single-day spike of 24,850 new COVID19 cases and 613 deaths in the last 24 hours. Positive cases stand at 6,73,165 including 2,44,814 active cases, 4,09,083 cured/discharged/migrated & 19,268 deaths: Ministry of Health & Family Welfare pic.twitter.com/I2UAKS1zlv
— ANI (@ANI) July 5, 2020