নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখ সীমান্তত পিছ হুঁহকিল পিএলএঃ উভয় দেশৰে সেনা প্রত্যাহাৰৰ প্রাৰম্ভিক পদক্ষেপ

নিয়মীয়া বাৰ্তা, ৭ জুলাই:  অৱশেষত গালৱান উপত্যকাৰ দখল এৰিলে চীনে৷ বিগত প্রায় দুমাহ ধৰি লাডাখৰ গালৱান উপত্যকা সম্পূর্ণৰূপে দখল কৰি থকা চীনৰ পিপলছ লিবাৰেচন আর্মীয়ে উপত্যকাটোৰ পৰা পিছ হুঁহকিল৷ গালৱান নদীৰ পাৰত থকা চীনা সৈন্যৰ কেইবাটাও কেম্প ইতিমধ্যে ২ কিলোমিটাৰ পর্যন্ত পিছুৱাই নিয়া হৈছে৷

উল্লেখ্য যে লাডাখত দুয়োখন দেশৰ সেনাৰ মাজত বিবাদ অব্যাহত থকাৰ সময়তে কালি ভাৰতৰ নিৰাপত্তা উপদেষ্টা আজিত ডোভাল আৰু চীনৰ বিদেশ মন্ত্রী ৱাঙইৰ মাজত প্রায় দুঘণ্টা সময় ধৰি টেলিফোনিক বার্তালাপ হয়৷ কেন্দ্রীয় বিদেশ মন্ত্রালয়ৰ পৰা প্রকাশ কৰা তথ্য অনুসৰি, টেলিফোনৰ মাধ্যমেৰে দুয়োখন দেশৰ নেতা দুজনে সীমা সমস্যাৰ ওপৰত বিস্তাৰিতভাৱে আলোকপাত কৰে৷ লগতে বিবদমান এলেকাৰ পৰা সেনা প্রত্যাহাৰ কৰাৰ ওপৰত নেতাদ্বয়ে সর্বাধিক গুৰুত্ব আৰোপ কৰে আৰু এই বিষয়ত সহমতত উপনীত হয়৷ তদুপৰি সামৰিক আৰু কূটনৈতিক পর্যায়ত অনাগত দিনত আলোচনা অব্যাহত থাকিব বুলিও দুয়ো পক্ষই সন্মতি ব্যক্ত কৰে৷ দুয়োখন দেশৰ মাজত শান্তিপূর্ণ অৱস্থানৰ বাবে ইতিমধ্যে থকা ‘ৱর্কিং মেকানিজম ফৰ কনচালটেণ্ট এণ্ড কো–র্ডিনেচন অন ইণ্ডিয়া–চাইনা ব’ডাৰ এফেয়ার্ছ’ৰ জৰিয়তে সকলো ধৰণৰ বাদ–বিবাদ মীমাংসা কৰাৰ ওপৰতো নেতা দুগৰাকীয়ে গুৰুত্ব আৰোপ কৰে৷ ভাৰত–চীনৰ কর্তৃত্বশীল প্রতিনিধি দুজনৰ মাজত হোৱা বার্তালাপৰ পাছতে গালৱান নদীৰ পাৰৰ পৰা দুই কিলোমিটাৰ পর্যন্ত চীনা সৈন্য পিছুৱাই যোৱাৰ তথ্য সংবাদ সংস্থাৰ জৰিয়তে প্রকাশ পাইছে৷

উল্লেখ্য যে গালৱান উপত্যকাৰ উপৰি পেংগং হ্রদ, গোগ্রা হট স্প্রিং, ডেপছাং আদি এলেকাতো যোৱা মে’ মাহৰ পৰাই চীনে আগ্রাসন চলাই আহিছিল৷ সীমান্তৰ ভিন্ন স্থানত চলাই থকা চীনৰ কুচকাৱাজৰ বাবে উত্তেজনাপূর্ণ পৰিস্থিতিৰো সৃষ্টি হৈছে৷ চীন–ভাৰতৰ সেনাৰ মাজত ৰক্তক্ষয়ী সংঘাতৰো সূত্রপাত হৈছিল৷ ইয়াৰ পাছতে খোদ প্রধানমন্ত্রী নৰেন্দ্র মোদী নিজে লাডাখত উপস্থিত হৈ ভাৰতীয় সেনাৰ লগত বার্তালাপ কৰে৷ একে সময়তে কেইবাখনো শক্তিশালী দেশে এই বিবাদত ভাৰতৰ পক্ষত থিয় হয়৷ এই কূটনৈতিক চাপ অব্যাহত থকাৰ মাজতে লাডাখৰ পাৰাস্তম্ভ ক্রমাৎ ঊর্ধ্বমুখী হোৱাত হিমবাহসমূহ গলিবলৈ আৰম্ভ কৰে৷ ফলত গালৱান নদীৰ স্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পায়৷ নদীৰ পাৰৰ যি স্থানত পিপলছ লিবাৰেচন আর্মীয়ে শিবিৰ স্থাপন কৰিছিল, তালৈকো বর্ধিত জলপৃষ্ঠই ভাবুকি কঢ়িয়াই আনে৷ ফলত উক্ত স্থানত বাহৰ পাতি থকাটো চীনা সৈন্যৰ বাবে অসম্ভৱপ্রায় হৈ পৰে৷ ইয়াৰ পাছতে ১৪নং পেড্র’লিং পইণ্টৰ সমীপত যোৱা ১৫ জুনত যি ৰক্তক্ষয়ী সংঘর্ষ সংঘটিত হৈছিল, তাৰ পৰা কমেও ডেৰ–দুই কিলোমিটাৰ পূবলৈ পিছুৱাবলৈ বাধ্য হয় চীনা সৈন্য৷ খবৰ অনুসৰি, ১৪নং পেড্র’লিং পইণ্ট এতিয়া পানীৰ তলত আছে৷ বাস্তৱত প্রতি বছৰ জুন–জুলাই মাহত গালৱান নদীৰ জলস্তৰ যথেষ্ট পৰিমাণে বৃদ্ধি পায়৷ পি এল এৰ শীর্ষ পর্যায়ত ইয়াৰ কোনো ধাৰণাই নাছিল৷

তদুপৰি গ্লেছিয়াৰৰ পৰা বৈ অহা পানী যে স্পর্শ কৰাটোও অসম্ভৱ, সেই কথা অনুধাৱন কৰিছে চীনা সৈন্যই৷ বাধ্য হৈ তেওঁলোকে যোৱা সপ্তাহতেই গালৱান নদীৰ পার্শ্বৱর্তী এলেকা ত্যাগ কৰাৰ সিদ্ধান্তত উপনীত হয়৷ ইপিনে গালৱানক বাদ দি পূব লাডাখৰ বিভিন্ন স্থানত ভাৰতে মোতায়েন কৰা অতিৰিক্ত ৩০,০০০ সেনা জোৱানৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে বিশেষ ধৰণৰ কেম্পৰ প্রস্তুতি চলাই থকাৰ কথা জানিব পৰা গৈছে৷ ইয়াৰ বাবে ইতিমধ্যে ‘এক্সড্রিম ক’ল্ড ৱেদাৰ টেণ্ট’ৰ অর্ডাৰ দিয়া হৈছে৷

You might also like