নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ত আক্রান্ত ব্রাজিলৰ ৰাষ্ট্রপতি ব’লছোনাৰ’

নিয়মীয়া বাৰ্তা, ৮ জুলাই: প্রাণঘাতী ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ বিশ্বজুৰি সংহাৰ অব্যাহত থকাৰ সময়তে মঙলবাৰে ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ ব’লছোনাৰ’ এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে৷ বিভিন্ন সময়ত ব’লছোনাৰ’ৱে ক’ভিড–১৯ মহামাৰীক এক সাধাৰণ জ্বৰ আখ্যা দি ইয়াৰ সংক্রমণৰ প্রতিৰোধৰ ক্ষেত্রত কঠোৰ ব্যৱস্থা গ্রহণৰ প্রয়োজন নাই বুলি ঘোষণা কৰি আহিছিল৷

ৰাষ্ট্রপতি ব’লছোনাৰ’ৰ এনে উদ্ভট মন্তব্যৰ বাবে দেশজুৰি সৃষ্টি হৈছিল প্রতিক্রিয়া৷ আনকি কেইবাগৰাকীও সতীর্থ মন্ত্রী ব’লছোনাৰ’ৰ সংগ ত্যাগ কৰি ৰাষ্ট্রপতিগৰাকীয়ে ক’ভিড–১৯ মহামাৰীৰ সন্মুখত ব্রাজিলবাসীক তিল তিলকৈ মৃত্যুক আঁকোৱালি ল’বলৈ এৰি দিয়া বুলি অভিযোগ কৰিছিল৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া নিয়মাৱলী মানি চলিবলৈও অস্বীকাৰ কৰিছিল নেতাগৰাকীয়ে৷ কট্টৰ সোঁপন্থী ব’লছোনাৰ’ক ব্রাজিলবাসীয়ে ‘ব্রাজিলিয়ান ট্রাম্প’ বুলি অভিহিত কৰি আহিছে৷ বিভিন্ন সময়ত নেতাগৰাকীয়ে ফেচ মাস্ক পৰিধান নকৰাকৈ সামাজিক অনুষ্ঠানত দলীয় নেতা–কর্মীসকলৰ সৈতে মিলিত হৈছিল৷ আনকি সকলোৰে সৈতে মুকলিকৈ কৰমর্দন কৰি ক’ৰোনাক লৈ আতংকিত হোৱাৰ প্রয়োজন নাই বুলি ঘোষণা কৰি আহিছিল ৰাষ্ট্রপতিগৰাকীয়ে৷ কিন্তু ব’লছোনাৰ’ৰ বাবেই ব্রাজিলত ক’ভিড–১৯ মহামাৰীয়ে দ্রুত বিস্তাৰ ঘটায়৷ দেশখনত এই মহামাৰীৰ দ্বাৰা এতিয়ালৈকে সংক্রমিত হৈছে ১৬,৪৩,৫৩৯গৰাকী লোক৷

আনফালে এই প্রাণঘাতী ভাইৰাছত দেশখনত মৃত্যু হৈছে ৬৬,০৯৩গৰাকী লোকৰ৷ ৬৫ বছৰীয়া নেতাগৰাকী শেহতীয়াকৈ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছতে সংবাদ সংস্থা চি এন এনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্তব্য কৰিছে যে তেওঁ সম্পূর্ণৰূপে সুস্থ হৈ আছে৷ ইতিমধ্যে নেতাগৰাকীয়ে ক’ভিড–১৯ক জয় কৰিবলৈ হাইড্রক্সিক্ল’ৰোকুইন গ্রহণ কৰা বুলিও সাক্ষাৎকাৰটোত উল্লেখ কৰিছে৷ অৱশ্যে ক’ভিড–১৯ মহামাৰীত আক্রান্ত হোৱাৰ পাছতে ৰাষ্ট্রপতিগৰাকীয়ে প্রথমবাৰৰ বাবে ফেচ মাস্ক পৰিধান কৰি সমর্থকসকলৰ সন্মুখীন হৈছে৷

ক’ভিড–১৯ত আক্রান্ত হ’লেও ৰাষ্ট্রপতিগৰাকীৰ মতে, এই ভাইৰাছবিধ আশংকা কৰা ধৰণে বিপজ্জনক নহয়৷ বিশ্বৰ ভিতৰতে ক’ভিড আক্রান্ত দেশৰ তালিকাত ব্রাজিল দ্বিতীয় স্থানত থকাৰ পাছতো ৰাষ্ট্রপতিগৰাকীৰ এই মন্তব্যই বিভিন্ন মহলত সৃষ্টি কৰিছে চাঞ্চল্য৷ স্মর্তব্য যে যোৱা মার্চ মাহত ব’লছোনাৰ’ৰ কেইবাটাও প্রতিনিধি দলে আমেৰিকা ভ্রমণ কৰিছিল৷ তেতিয়াই এই মহামাৰীৰ সংক্রমণ ঘটিছিল ব্রাজিললৈ৷ ব’লছোনাৰ’ৰ পূর্বে হণ্ডুৰাছৰ ৰাষ্ট্রপতি জুৱান অৰলার্ণ্ডো হার্নাণ্ডেজ আৰু ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছন এই মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছিল৷

You might also like