সুখবৰঃ মানৱ শৰীৰত ক’ৰোনা ভাইৰাছ প্রতিষেধক ছিটাৰ সফলতাৰে পৰীক্ষা সম্পন্ন ৰাছিয়াৰ
নিয়মীয়া বার্তা, ১৩ জুলাইঃ বিশ্বজুৰি ঘাতক ক’ভিড–১৯ মহামাৰীত ১,২৬,৮১,৪৭২গৰাকী লোক আক্রান্ত হোৱাৰ উপৰি ৫,৬৪,৪২০জনৰ মৃত্যু হোৱা সময়তে আজি প্রথমখন দেশ হিচাপে ৰাছিয়াই ক’ভিড–১৯ৰ ভেকচিনৰ মানৱ দেহত সফলতাৰে পৰীক্ষা সম্পন্ন কৰা বুলি দাবী কৰিছে৷ ৰাছিয়াৰ ছেকেন’ভ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মানুহৰ শৰীৰত ক’ৰোনা ভাইৰাছ প্রতিষেধক ছিটাৰ প্রথম ক্লিনিকেল পৰীক্ষা চলোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷
ইয়াৰ লগে লগে বিশ্বত ক’ভিড–১৯ৰ প্রতিষেধক ছিটাৰ মানৱ শৰীৰত সফলতাৰে পৰীক্ষা সম্পন্ন কৰা প্রথমখন দেশ ৰূপে চিহ্ণিত হৈছে ৰাছিয়া৷ বিশ্ববিদ্যালয়খনৰ ট্রেন্সলেচনেল মেডিচিন এণ্ড বায়’টেকনল’জী প্রতিষ্ঠানৰ সঞ্চালক ভাডিম তাৰাছ’ভে স্পুটনিক নিউজক এই তথ্য জনাইছে৷ কেইবাগৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত সফলতাৰে প্রতিষেধক ছিটাবিধৰ পৰীক্ষা সম্পন্ন কৰা বুলি তাৰাছ’ভে ঘোষণা কৰিছে৷ বিশ্ববিদ্যালয়খনত মানৱ দেহত এই প্রতিষেধক ছিটাবিধৰ ক্লিনিকেল পৰীক্ষা ১৮ জুনত আৰম্ভ কৰা হৈছিল৷ সফলতাৰে পৰীক্ষা সম্পন্ন হোৱা স্বেচ্ছাসেৱকসকলৰ প্রথমটো গোটক বুধবাৰে হাস্পতালৰ পৰা ডিচার্জ দিয়া হ’ব৷
ইফালে, প্রতিষেধক ছিটাৰ পৰীক্ষাৰ পাছতো সুস্থ অৱস্থাত থকা দ্বিতীয়টো গোটক ডিচার্জ দিয়া হ’ব ২০ জুলাইত৷ ইফালে, গামালেই নেচনেল ৰিছার্চ চেণ্টাৰ ফৰ এপিডেমি’ল’জী এণ্ড মাইক্র’বায়’ল’জীৰ তৰফৰ পৰা সদৰী কৰা তথ্য অনুসৰি শৰীৰত ছিটা পুছ কৰাৰ পাছৰে পৰা স্বেচ্ছাসেৱকসকলৰ ক’ৰোনা প্রতিৰোধী ব্যৱস্থা শক্তিশালী হোৱাৰ প্রমাণ পোৱা গৈছে৷ লক্ষণীয়ভাৱে ৰুছ প্রতিৰক্ষা মন্ত্রালয়েও এক বিবৃতিত অনুৰূপ তথ্য সদৰী কৰিছে৷ অৱশ্যে ক’ভিড–১৯ মহামাৰীৰ প্রতিষেধক এই ছিটা বাণিজ্যিক উদ্দেশ্যত কেতিয়া প্রস্তুত কৰা হ’ব পাৰে সেই সন্দর্ভত ৰাছিয়াৰ কোনো সংস্থাই নিশ্চয়তা প্রদান কৰা নাই৷
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি কেইবাখনো দেশত ২১টাকৈ প্রতিষেধক ছিটাৰ পৰীক্ষা বিভিন্ন পর্যায়ত চলি আছে৷ ৰাছিয়াই সফলতাৰে এই প্রতিষেধক ছিটাৰ পৰীক্ষা মানৱ শৰীৰত সম্পন্ন কৰা বুলি দাবী কৰিছে যদিও আন্তর্জাতিক সংস্থাটোৱে তাৎক্ষণিকভাৱে এই সন্দর্ভত কোনো মতামত আগবঢ়োৱা নাই৷