নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইম কেপচুল কি? মাটিৰ তলতে কিয় ৰখা হয় টাইম কেপচুল?

নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ  অযোধ্যাত নির্মাণ কৰিবলগীয়া ৰাম মন্দিৰৰ ২০০০ ফুট তলত ৰাখিব টাইম কেপচুল৷ শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসৰ সদস্য ৰামেশ্বৰ চৌপালে ঘোষণা কৰা মতে, তামৰ পাত্রৰ ভিতৰত টাইম কেপচুলটো ভৰাই তামৰ পাত্রটো নির্মীয়মাণ ৰাম মন্দিৰৰ তলত ২০০০ ফুটত ৰাখিব৷ নির্মীয়মাণ ৰাম মন্দিৰৰ তলত ৰাখিবলগীয়া এই টাইম কেপচুলটো নির্মাণৰ লগতে ৰাম জন্মভূমিৰ ইতিহাসসমৃদ্ধ তথ্য ৰখা হ’ব৷

উল্লেখ্য যে কেৱল ৰাম মন্দিৰতে নহয় টাইম কেপচুল ৰাখিব এনে নহয় আমাৰ দেশৰ বিভিন্ন স্থানতো টাইম কেপচুল ৰখা হৈছে। লাল কিল্লা, কানপুৰৰ আই আই টি কলেজ আৰু চন্দ্ৰশেখৰ আজাদ কৃষি বিশ্ব বিশ্ব বিদ্যালয়ত টাইম কেপচুল ৰখা হৈছে। টাইম কেপচুলৰ ব্যৱহাৰ বিশ্ব অন্য দেশতো কৰা হয়।

প্ৰকৃততে টাইম কেপচুল কি? ইয়াক কেৱল ভূ-গৰ্ভতে কিয় ৰখা হয়?

দৰাচলতে টাইম কেপচুল এটা কন্টেইনাৰৰ দৰে হয়। য’ত বিশেষ প্ৰকাৰৰ তামেৰে বনোৱা হয়। টাইম কেপচুল প্ৰায় তিনিফুট দীঘল হয়। এই তামৰ বিশেষত্ব এইটো যে বহু বহু বছৰ ধৰি কোনো ধৰণৰ ক্ষতি সাধন নহয়। যেতিয়া হাজাৰ বছৰৰ পিছত ইয়াক উদ্ধাৰ কৰা হ’ব তেতিয়া সকলো বোৰ তথ্য সুৰক্ষিত হৈ থাকিব।

টাইম কেপচুল প্ৰতিটো বতৰতে সন্মুখীন হবলৈ সক্ষম হয়। বহু মাটিৰ তলত ইয়াক পুতি থোৱা হয়। মাটিৰ বহু তলত থকাৰ বাবেও হাজাৰ হাজাৰ বছৰলৈকে টাইম কেপচুলটো কোনো ধৰণৰ ক্ষতি নহয়। টাইম কেপচুল এই কাৰণে মাটিত পুতি থোৱা হয় কাৰণ কোনো সমাজ, দেশৰ ইতিহাস সুৰক্ষিত ৰাখিবৰ কাৰণে। যাতে ভৱিষ্যত প্ৰজন্মই সেই খন সমাজ, দেশৰ বিষয়ে জানিব পাৰে।

ভাৰতত টাইম কেপচুলৰ ইতিহাস

ভাৰতত টাইম কেপচুলৰ ইতিহাস বেছি পুৰণি নহয়। দেশ স্বাধীন হোৱা ২৫ বছৰ উপলক্ষে সেই সময়ৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশৰ ২৫ বছৰীয়া উপলব্ধি আৰু সংঘৰ্ষৰ কথা লাল কিল্লাত এটা টাইম কেপচুল ৰখা হৈছিল। কিন্তু সেই টাইম কেপচুল বিবাদৰ বিষয় হৈ পৰিছিল সেই সময়ত দেশত জৰুৰী কালীন অৱস্থা চলি আছিল।

ইয়াৰ পিছত মোৰাজী দেশাই প্ৰধান মন্ত্ৰী হোৱাত সেই টাইম কেপচুলটো খান্দি পেলাই বাহিৰ উলিয়াইছিল, কিন্তু সেই টাইম কেপচুলত কি আছিল সেইটো আজিও বিবাদিত বিষয় হৈ আছে।
২০১০ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে আই আই টি কানপুৰত এটা টাইম কেপচুল মাটিৰ তলত ৰাখিছিল। এইটো টাইম কেপচুলত কানপুৰ আই আই টিৰ মেপ, ছীল এটা, ৰূপালী জয়ন্তী আৰু সোণালী জয়ন্তী আদি সন্নিবিষ্ট হৈ আছিল।

You might also like