নিয়মীয়া বাৰ্তা, ২ আগষ্ট: অহা ৫ আগষ্টত জম্মু আৰু কাশ্মীৰৰ সাংবিধানিক পুনর্গঠনৰ এবছৰীয়া বর্ষপূর্তি তথা ১৫ আগষ্টত স্বাধীনতা দিৱসৰ প্রাক্মুহূর্তত উত্তৰ ভাৰতত কূটাঘাত চলাবলৈ পাকিস্তানে একে ভয়ানক ব্লু–প্রিণ্ট ৰচনা কৰিছে৷ দেশৰ একাধিক চোৰাংচোৱা সংস্থাই উমৈহতীয়াকৈ নর্থ ব্লকলৈ প্রেৰণ কৰিছে এই সতর্কবাণী৷ চোৰাংচোৱাৰ বার্তাত কেইবাটাও চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷
চোৰাংচোৱাৰ তথ্য অনুসৰি ভাৰত–পাকিস্তান সীমান্তত এই মুহূর্তত আফগানিস্তান আৰু পাকিস্তানত উচ্চ প্রশিক্ষণ লাভ কৰা মুঠ ৩২৭জন সন্ত্রাসবাদীয়ে ভাৰতত প্রৱেশ কৰিবলৈ সুযোগৰ অপেক্ষাত আছে৷ ভাৰতলৈ উক্ত বৃহৎসংখ্যক সন্ত্রাসবাদীক প্রেৰণ কৰিবলৈ পাকিস্তানৰ সেনাবাহিনীয়ে জম্মু–কাশ্মীৰ সীমান্তৰ ২৭টা এলেকা চিহ্ণিত কৰা বুলি চোৰাংচোৱাই অতি উদ্বেগজনক বার্তা প্রেৰণ কৰিছে৷ পুঞ্চ আৰু কাঠুৱা জিলাৰ মানকোট, মেন্দাৰ, বালাকোট, চুবদেৰবানী, নাওছেৰা, কাছৱা, কির্নি, দেগৱাগ, কৃষ্ণাগতি আৰু হীৰানগৰ ছেক্টৰত পাকিস্তানৰ সেনাবাহিনীয়ে সন্ত্রাসবাদীক সীমা পাৰ কৰিবলৈ ব্যাপক তৎপৰতা অৱলম্বন কৰিছে৷ এই অঞ্চলসমূহত ইতিমধ্যে সন্ত্রাসবাদীৰ ‘লঞ্চ পেড’ সক্রিয় কৰি ৰখা হৈছে৷ পাকিস্তানী সেনাৰ ৱায়াৰলেছ বার্তা বিশ্লেষণ কৰি ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে এইক্ষেত্রত সমগ্র ভাৰত–পাকিস্তান সীমান্তত তীব্র সতর্কতা অৱলম্বনৰ পৰামর্শ দিছে৷
লক্ষণীয় যে সীমান্তত এক বিশৃংখল পৰিস্থিতি সৃষ্টি কৰাৰ বাবে যোৱা প্রায় এসপ্তাহ ধৰি যুদ্ধবিৰতি ভংগ কৰি সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানী সেনাবাহিনীয়ে ব্যাপক গুলীবর্ষণ কৰি থকা বুলি জানিব পৰা গৈছে৷ ইয়াৰ জৰিয়তে সন্ত্রাসবাদীৰ অনুপ্রৱেশ কৰোৱাৰ সুযোগ বিচাৰি আছে পাক সেনাই৷ চোৰাংচোৱাৰ তথ্য মতে চলিত বর্ষত পাকিস্তানত প্রশিক্ষণ লাভ কৰা ৩৫জন সন্ত্রাসবাদীয়ে ইতিমধ্যে ভাৰতত প্রৱেশ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, কেৱল ৫ আগষ্টত জম্মু আৰু কাশ্মীৰৰ সাংবিধানিক পুনর্গঠনৰ এবছৰ পূর্তিৰ দিনাই কাশ্মীৰজুৰি ভয়াৱহ আক্রমণ চলাবলৈ পাকিস্তানী সেনাৰ স্পেচিয়েল ছার্ভিচ গ্রুপে জইচ–ই–মহম্মদ আৰু লস্কৰ–ই–তৈবাৰ কমেও ২০জন সন্ত্রাসবাদীক আফগানিস্তানত কঠোৰ প্রশিক্ষণ প্রদান কৰাৰ তথ্য চোৰাংচোৱা সূত্রত প্রকাশ পাইছে৷ পিছে এইসকল সন্ত্রাসবাদীয়ে ইতিমধ্যে ভাৰতত প্রৱেশ কৰিছেনে নাই তাৰ কোনো তথ্য চোৰাংচোৱাই এতিয়ালৈকে লাভ কৰা নাই৷ পিছে ৫ আগষ্টত কিম্বা ইয়াৰ এদিন পূর্বে কাশ্মীৰৰ কোনোবা এটা বি এছ এফ কেম্পত তিনিজনীয়া সন্ত্রাসবাদীৰ গোট এটাই আক্রমণ চলোৱাৰ পৰিকল্পনা সন্দর্ভত চোৰাংচোৱাই নিশ্চিত তথ্য লাভ কৰিছে৷ এই তিনিজনীয়া গোটটোৰ এজন কাশ্মীৰৰ স্থানীয় বাসিন্দা বুলি চোৰাংচোৱাৰ তথ্যত প্রকাশ পাইছে৷
চোৰাংচোৱাৰ সতর্কবার্তা লাভ কৰাৰ পিছত ভাৰত–পাকিস্তান সীমান্তৰ উপৰি সমগ্র জম্মু আৰু কাশ্মীৰত ইতিমধ্যে অভূতপূর্ব নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি কেন্দ্রীয় গৃহ মন্ত্রালয়ে প্রকাশ কৰিছে৷ এইক্ষেত্রত গৃহ বিভাগে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ সৈতে সমন্বয় ৰক্ষা কৰি সন্ত্রাসবাদীৰ আক্রমণ প্রতিৰোধ কৰিবলৈ কেইবাতৰপীয়া আঁচনি যুগুতাই আছে৷