নিয়মীয়া বাৰ্তা, ২ আগষ্ট: নতুন শিক্ষানীতিত কেন্দ্রীয় চৰকাৰে সংস্থাপন সন্ধানীতকৈ সংস্থাপন সৃষ্টিকর্তাক প্রাধান্য দিছে৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ স্মার্ট ইণ্ডিয়া হেকাথনৰ ফাইনেল সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কেন্দ্রীয় চৰকাৰৰ অলপতে ঘোষিত নতুন শিক্ষানীতিক লৈ কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য কৰে৷ শিক্ষানীতিক ভূয়সী প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে ভাৰতৰ শিক্ষানীতিত এতিয়া পদ্ধতিগতভাৱে সংস্কাৰ অনা হৈছে আৰু এই নীতিৰে শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্যক পৰিৱর্তন কৰাৰ পদক্ষেপ লোৱা হৈছে বুলি কয়৷
তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয় যে নতুন শিক্ষানীতিত প্রাথমিক শিক্ষাৰ পৰা অধিকাৰক অন্তর্ভুক্তি কৰা হৈছে৷ উচ্চ শিক্ষাত ২০৩৫ চনৰ ভিতৰত মুঠ নামভর্তিৰ হাৰ ৫০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে৷ তেনেদৰে ৰাষ্ট্রীয় শিক্ষানীতিয়ে নমনীয়তাক অধিক গুৰুত্ব দিয়া হৈছে৷ বহুমুখী প্রৱেশ আৰু প্রস্থানৰ ব্যৱস্থা কৰা হৈছে৷ ই কেৱল শিক্ষার্থীৰ কাৰণে এটা ক্ষুদ্র পথ হ’ব নোৱাৰে৷ স্মার্ট ইণ্ডিয়া হেকাথন সম্বোধনেৰে দেশৰ শিক্ষার্থীসকলক প্রধানমন্ত্রী মোদীয়ে কয় যে দুখীয়াৰ সু–জীৱন দিবলৈ ‘ইজ অৱ লিভিং’ৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে যুৱপ্রজন্মৰ ভূমিকা অতি গুৰুত্বপূর্ণ৷ দ্রুতগতিত পৰিৱর্তিত পৃথিৱীত ভাৰতে নিজেও দ্রুতগতিত পৰিৱর্তন হ’ব লাগিব গুৰুত্বপূর্ণ ভূমিকা লৈ৷
নতুন শিক্ষানীতিৰ সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে পুনৰ কয়, ‘স্কুল বেগৰ বোজাৰ পৰা শিক্ষণৰ আশীর্বাদলৈ আমি পৰিৱর্তন কৰিছোঁ৷ বছৰ বছৰ ধৰি সীমিত শৈক্ষিক পদ্ধতিৰে শিক্ষার্থীৰ জীৱনত প্রতিকূল প্রভাৱ পেলাইছিল৷ আমাৰ নতুন শিক্ষানীতি জনতা আৰু ভৱিষ্যৎকেন্দ্রিক৷’ উল্লেখ্য যে বিশেষভাৱে প্রস্তুত কৰা এডভান্স প্লেটফর্মৰ দ্বাৰা দেশৰ সকলো অংশগ্রহণকাৰীক অনলাইনযোগে একত্রিত কৰি স্মার্ট ইণ্ডিয়া হেকাথন ফাইনেল আয়োজন কৰা হৈছিল৷