নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তদন্তৰ বাবে যোৱা বিহাৰ আৰক্ষীক কোৱাৰেণ্টাইন, সুশান্তৰ মৃত্যুৰ তদন্তক লৈ আৰম্ভ বিহাৰ-মুম্বাই ক্লেছ!

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ আৰক্ষীৰ অহংকাৰৰ মাজত বজি ৰ’ব নেকি অভিনেতা সুশান্ত সি ৰাজপুতৰ মৃত্যুৰ তদন্ত? -হয় এনে প্ৰশ্নই প্ৰকট হৈছে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা এক ঘটনাৰ বাবে।

অভিনেতা সুশান্তৰ মৃত্যুৰ তদন্ত বিচাৰি অভিনেতাগৰাকীৰ দেউতাকে জনোৱা আবেদন মৰ্মে বিহাৰ আৰক্ষীয়েও আৰম্ভ কৰিছিল তদন্ত। এই তদন্তৰ দায়িত্বত থকা আই পি এছ আৰক্ষী বিষয়া বিনয় তিৱাৰী কালি ৰাওনা হৈছিল মুম্বাইলৈ।

কিন্তু মুম্বাই গৈ পোৱাত বিমান বন্দৰতে কোৱাৰেণ্টাইন কৰি গেষ্ট হাউছলৈ পঠিয়াই দিয়া হয় আই পি এছ বিষয়াগৰাকীক। ব্ৰিহানমুম্বাই মিউনিচিপাল কৰ্প’ৰেচন চমুকৈ বি এম চিয়ে কৰা এই কোৱাৰেণ্টাইন কাৰ্য বলপূৰ্বক আছিল বুলি অভিযোগ কৰে বিহাৰ আৰক্ষীৰ ডিজিপি গুপ্তেশ্বৰ পাণ্ডেই।

আনহাতে বি এম চিয়ে কেন্দ্ৰীয় চৰকাৰৰ ক’ভিড-১৯ প্ৰট’কল অনুযায়ী কাম কৰিবলৈ তেওঁলোক বাধ্য বুলি সদৰী কৰিছে যদিও এই ঘটনাই বিহাৰ চৰকাৰকো অসন্তুষ্ট কৰিছে। এই সম্পৰ্কে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে সুশান্তৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত যোৱা এগৰাকী আই পি এছ বিষয়াক যিদৰে কোৱাৰেণ্টাইন কৰা হৈছে, সেয়া অনৈতিক কথা।

আনহাতে এই ঘটনাক লৈ অভিনেতাগৰাকীৰ জন্মভূমি বিহাৰত মুম্বাইৰ বিৰুদ্ধে প্ৰতিবাদ কৰাও দেখা গৈছে। কিন্তু মুম্বাইৰ প্ৰশাসন বহু বিতৰ্ক-প্ৰতিবাদৰ মাজতো নিজৰ মতত অটল। শেহতীয়া খবৰ অনুযায়ী মুম্বাইৰ বি এম চিয়ে মুম্বাইত থকা বিহাৰ আৰক্ষীৰ দলটোকো কোৱাৰেণ্টাইন কৰাৰ চিন্তা-চৰ্চা কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে সুশান্তৰ মৃত্যুক লৈ দুয়োখন ৰাজ্য়ৰ মাজত কুটিল ৰাজনীতি আৰম্ভ হোৱাৰ সন্দেহ কৰা হৈছিল আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়া এগৰাকীক তদন্তৰ বাবে যোৱাৰ সময়তে কোৱাৰেণ্টাইন কৰা বিষয়টোৱে ইয়াক অধিক স্পষ্ট কৰি তুলিলে।

কিন্তু দুখন ৰাজ্যৰ অহংকাৰৰ মাজত সুশান্তৰ মৃত্যুৰ তদন্ত ওলমি ৰ’বলগীয়া হোৱাটোহে হ’ব পাৰে অধিক উদ্বেগজনক কথা।

You might also like