নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেছিকৈ ভাত খালে কৰ্কট অথবা হৃদ ৰোগ হোৱাৰ সম্ভাৱনা অধিক

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ সাৱধান! হয়তো ভাত বহু লোকৰে  প্ৰিয়, ৰাতি ভাত নাখালে বহুলোকৰে টোপনি নাহে । ভাৰত তথা বিশ্বৰ বহুকেইখন দেশৰ মানুহে মুখ্য আহাৰ হিচাপে ভাত খায়।  কিন্তু শেহতীয়াকৈ বিশেষজ্ঞ সকলে সকীয়নী দিছে যে অধিক ভাত খালে বিপদ হ’ব পাৰে।

বিশেষজ্ঞ সকলে চাউলত আৰ্ছেনিকৰ স্তৰ কম হোৱাৰ কাৰণে এইটো গৱেষণা কৰি উলিয়াইছে যে বহু বছৰ ধৰি ভাত খালে কম সময়ত মানুহৰ মৃত্যু হ’ব পাৰে।

Manchester বিশ্ববিদ্যালয়ৰ, এক গৱেষণাত চাউলত অজৈৱিক আৰ্চেনিক নিম্ন স্তৰলৈ সম্পৰ্কলৈ অহাৰ বাবে কৰ্কট অথবা হৃদ ৰোগ হ’ব। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম mirrort এই তথ্য প্ৰকাশ পাইছে। আনহাতে গৱেষণাত প্ৰকাশ যে হৃদ ৰোগ হোৱাৰ অন্যতম কাৰণ।

Manchester বিশ্ববিদ্যালয়ৰ অধ্যাপক ডেভিড পৌলাই কয় যে এনে ধৰণৰ অধ্যয়ন এক পৰিস্থিতিৰ মাজত কৰা হৈছে। ইয়াৰ কেইবাটাও সীমা আছে, অজৈৱিক আৰ্ছেনিক যুক্তৰ চাউলৰ চাহিদা বৃদ্ধিৰ সময়ত ই এক উপযুক্ত অধ্যয়ন। কাৰণে ইয়াত প্ৰকাশ পাইছে যে হৃদ ৰোগ হোৱাৰ এক সহজ উপায় হৈছে চাউল ।

You might also like