নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰেয়াছে আঁতৰাব চাৰি নম্বৰ স্থানৰ সমস্যাঃপ্ৰসাদ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ মুম্বাইৰ উদীয়মান মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰে টি-২০ আৰু এদিনায়াত ভাৰতৰ ৪ নম্বৰ স্থানৰ সমস্যা দূৰ কৰিব। এই আশা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় নিৰ্বাচক মণ্ডলীৰ মুপব্বী এম এছ কে প্ৰসাদে। অহা সপ্তাহত তিনি বছৰীয়া কাৰ্যকালৰ অন্ত পৰিবলগীয়া নিৰ্বাচক মণ্ডলীৰ মুৰব্বীগৰাকীয়ে বুধবাৰে কয় যে শ্ৰেয়াছ আয়াৰক তেওঁলোকে নিয়মীয়াকৈ সুযোগ দিব পৰা নাই। কিন্তু যেতিয়াই তেওঁ সুযোগ লাভ কৰিছে, তেতিয়াই সুন্দৰ বেটিঙেৰে দলৰ প্ৰত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ঘৰুৱা ক্ৰিকেটত মুম্বাই আৰু ভাৰতীয় ‘এ ‘দলৰ হৈ চমকপ্ৰদ বেটিঙেৰে ৰাষ্ট্ৰীয় নিৰ্বাচক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰা আয়াৰে শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাত তিনিখন মেচত গড় ৫৪ কৈ মুঠ ১০৮ ৰাণ সংগ্ৰহ কৰিছিল। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সমাগত শৃংখলাত তেওঁৰ প্ৰদৰ্শন লক্ষণীয় হ’ব।

You might also like