নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুগ্ম জীৱনৰ পাতনি মেলিলে বিজয় শংকৰে

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ টীম ইণ্ডিয়াৰ উদীয়মান অলৰাউণ্ডাৰ বিজয় শংকৰে জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিছে৷ আই পি এলৰ বাবে ইউ এ ইলৈ উৰা মৰাৰ প্রাকক্ষণত তামিলনাডুৰ খেলুৱৈগৰাকীয়ে দীর্ঘদিনৰ প্রেয়সী বৈশালীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছে৷ আই পি এলত ছানৰাইজার্ছ হায়দৰাবাদৰ হৈ খেলা তাৰকাগৰাকীয়ে আজি ইনষ্টাগ্রামত নৱবিবাহিতা পত্নীৰ সৈতে এটা ফটো শ্বেয়াৰ কৰিছে৷ ছানৰাইজার্ছ হায়দৰাবাদৰ সতীর্থসকলে বিজয় শংকৰক অভিনন্দন জনোৱা দেখা গৈছে৷

You might also like