নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰ মনস্তত্ত্বৰ মৰণোত্তৰ পৰীক্ষা কৰিব চিবিআয়ে, কি এই পৰীক্ষা?

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ সুশান্ত গোচৰৰ তদন্ত ক্ষীপ্ৰগতিত আগবঢ়াই নিছে চিবিআয়ে। মুম্বাই আৰক্ষীৰ পিছত তদন্তৰ দায়িত্ব লোৱা চিবিআয়ে পুনৰ নতুনকৈ আৰম্ভ কৰিছে তদন্ত। এইবাৰ তদন্ত প্ৰক্ৰিয়ালৈ অনা হৈছে মনস্তত্ত্বৰ মৰণোত্তৰ পৰীক্ষাৰ বিষয়টো।

চাইকোলজিকেল অটোপ্সি বা মনস্তাত্ত্বিক মৰণোত্তৰ পৰীক্ষা ভাৰতত এতিয়ালৈ দুবাৰ কৰা হৈছে। শশী থাৰুৰৰ পত্নী সুনন্দ পুষ্কৰ আৰু ২০১৮ চনত হোৱা দিল্লীৰ বুৰাৰিৰ গণ আত্মহত্যাৰ প্ৰসংগত ইয়াৰ পৰীক্ষা কৰা হৈছিল।

এইবাৰ সুশান্তৰ ক্ষেত্ৰতো এনে পৰীক্ষা কৰা হ’ব। মনস্তত্ত্বৰ মৰণোত্তৰ পৰীক্ষাৰ জৰিয়তে মৃত্যুৰ এসপ্তাহ বা ১০ দিন আগলৈ সুশান্তৰ মনস্তত্ত্বৰ পৰিৱৰ্তন বিচাৰ কৰা হ’ব। লগতে তেওঁৰ জীৱনশৈলী, সামাজিক জীৱন আদি কেনে আছিল, তাক পৰীক্ষা কৰা হ’ব। বিশেষকৈ তেওঁৰ স্বাভাৱিক জীৱনশৈলীৰ লগত উক্ত ১০ দিনৰ জীৱনশৈলীৰ যি পাৰ্থক্যৰ কথা ইতিমধ্যে সাক্ষীসকলে দিছে, তাৰ প্ৰভাৱ মনস্তত্ত্বত বিচাৰ কৰা হ’ব।

গুৰুত্বপূৰ্ণ কথা এই যে সাধাৰণতে এনে পৰীক্ষা আত্মহত্যা কৰা বুলি সন্দেহ কৰা লোকৰ ক্ষেত্ৰতহে কৰা হয়। গতিকে প্ৰশ্ন উঠিব পাৰে যে চিবিআয়ে সুশান্তই আত্মহত্যা কৰা বুলিয়েই হয়তো একপ্ৰকাৰ গণ্য কৰিছে। কিন্তু আচলতে এয়া মনস্তত্ত্বৰ মাজেৰে আত্মহত্যাৰ নিশ্চয়তা প্ৰমাণৰ এক আহিলা।

যদিহে মনোবৈজ্ঞানিক পৰীক্ষাৰ মাজেৰে মৃত্যুৰ ১০ দিন আগৰ সময়খিনিত তেওঁৰ মনস্তত্ত্বই কোনো বিশেষ পৰিৱৰ্তনৰ নিৰ্দেশনা নিদিয়ে, তেন্তে চিবিআই নিশ্চিত হ’ব যে এয়া আত্মহত্যা নহয়।

You might also like