নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ICMR-ৰ টুইটাৰ হেণ্ডেলৰ পৰা চৰকাৰ বিৰোধী প’ষ্ট ‘লাইক’! তোলপাৰ ছচিয়েল মিডিয়া

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ টুইটাৰ হেণ্ডেলৰ বাবে বিতর্কত সোমাই পৰিছে আই চি এম আৰ (ICMR)।

বুধবাৰে সন্ধিয়া দেখা যায়, চৰকাৰক সমালোচনা কৰি কৰা বহুকেইটা প’ষ্ট ‘লাইক’ দিয়া হৈছে আই চি এম আৰ (ICMR)ৰ টুইটাৰ হেণ্ডেলৰ পৰা।

লগতে পঢ়কঃ হঠাৎ দুখন জিলাৰ শিক্ষকৰ এণ্টিজেন টেষ্ট বন্ধ ঘোষণা

 আৰু তাৰ পাছতেই বিষয়টো সন্দৰ্ভত বিভিন্ন মহলত প্ৰতিক্ৰিয়া আৰম্ভ হয়। লগে লগে আই চি এম আৰৰ চকুত পৰে সমগ্ৰ বিষয়টো।

এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আই চি এম আৰৰ তৰফৰ পৰা জনোৱা হৈছে, ‘ আই চি এম আৰ টুইটাৰ হেণ্ডেল অপব্যৱহাৰ (compromised)কৰা হৈছে । ইয়াৰ ওপৰত দ্রুত ব্যৱস্থা লোৱা হৈছে। এনে পৰিস্থিতিৰ বাবে কোনো লোক যদি অসুবিধাত পৰিছে তাৰ বাবে আই চি এম আৰ ক্ষমাপ্রার্থী।’

You might also like