নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ক’ভিডৰ মৃত্যুৰ শীৰ্ষত কামৰূপ মহানগৰ’

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ৰাজ্যত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা কামৰূপ মেট্ৰত জিলাত সৰ্বাধিক। মুঠ ৬৪জন লোক মৃত্যু হৈছে কামৰূপ মেট্ৰত। সংবাদমেলত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰে পাছতে আছে ডিব্ৰুগড় জিলা, ডিব্ৰুগড়ত মৃত্যু হৈছে মুঠ ৩৯জন লোক।

আনহাতে কাছাৰত ২৫গৰাকী, তিনিচুকীয়াত ২০গৰাকী আৰু কৰিমগঞ্জত ১৭ গৰাকীকৈ লোকৰ মৃত্যু হৈছে। বৰ্তমানলৈ ৰাজ্যখনত মৃত্যু হৈছে ২৮৬জন লোক।

You might also like