নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ বজাৰত ফলমূলৰ মূল্যবৃদ্ধিৰে গ্রাহকক লুণ্ঠন ব্যৱসায়ীৰ

নিয়মীয়া বার্তা, ৩০ আগষ্টঃ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চূডান্ত ব্যর্থতাৰ বাবে মহানগৰীৰ বজাৰত এতিয়া দ্রুত হাৰত বৃদ্ধি পাইছে ফলমূল আৰু পাচলিৰ মূল্য৷বাণিজ্যৰ প্রাণকেন্দ্র স্বৰূপ ফাঁচীবজাৰৰ ফলমূলৰ পাইকাৰী দোকানত হঠাৎ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ফলমূলৰ দাম৷মাত্র এসপ্তাহৰ ভিতৰত প্রতিবিধ ফলমূলতে একাংশ ফাঁচীবজাৰৰ বণিয়াই বৃদ্ধি কৰিছে মূল্য৷ এসপ্তাহ পূর্বে ৮০ৰ পৰা ১০০টকাত বিক্রী হোৱা প্রতি কিলো আমৰ মূল্য এতিয়া ফাঁচীবজাৰত হৈছে ১৮০পৰা ২২০ টকা পর্যন্ত৷ ঠিক তেনেদৰে প্রতিকিলো ৭০ৰ পৰা ৯০ টকাত বিক্রী হোৱা মৌচুমী এতিয়া বজাৰত বিক্রী হৈছে ১২০ টকাকৈ৷ একেদৰে ১২০টকীয়া বেদেনা হৈছেগৈ ১৫০ টকা৷ অনুৰূপ ধৰণে ১০০–১২০টকীয়া আপেলৰ এতিয়া মূল্য হৈছে ১৫০ৰ পৰা ১৬০ টকা পর্যন্ত৷ অর্থাৎ মাত্র এসপ্তাহৰ ভিতৰত প্রতিবিধ ফলমূলৰ দাম নিজৰ ইচ্ছা অনুসৰি হোৰাহোেৰে বৃদ্ধি কৰিছে একাংশ বণিয়াই৷ ইফালে, ফাঁচীবজাৰৰ সমান্তৰালভাৱে গণেশগুৰি, ছয়মাইল, ডাউন টাউন, বেলতলা, মালিগাঁও, আদাবাৰী, জালুকবাৰীকে ধৰি আন আন অঞ্চলসমূহতো খুচুৰা ব্যৱসায়ীসকলে চৰা দামত বিক্রী কৰিছে ফলমূল৷ ইফালে চাহিদা অনুপাতে মহানগৰীত ফলমূলৰ আমদানি কম হোৱাৰ অজুহাত দেখুৱাই মূল্যবৃদ্ধি হোৱা বুলি মন্তব্য কৰিছে একাংশ বণিয়াই৷ আনহাতে, ফলমূলৰ উপৰি মহানগৰীৰ বজাৰত অভাৱনীয় হাৰত বৃদ্ধি পাইছে শাক–পাচলিৰ মূল্য৷ জিকা প্রতি কিলো ৫০ টকা, ভাতকেৰেলা ৬০ টকা, কচু ৬০ টকা, পটল ৬০ টকা, গাজৰ ১২০ টকা, কেপচিকাম ১০০ টকা, বন্ধাকবি ৫০ টকা, মূলা ৬০ টকা, আদা ২২০ টকা, নহৰু ২৪০ টকা, জলকীয়া ২০ টকা মূল্যত বিক্রী হৈ আছে বজাৰত৷ উল্লেখযোগ্য যে ফলমূল, পাচলিৰ এনে অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰিবলৈ এই পর্যন্ত কোনো ব্যৱস্থা গ্রহণ কৰা নাই যোগান বিভাগ আৰু জিলা প্রশাসনে৷

You might also like