নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিংবদন্তি শিল্পী লতা মংগেশকাৰৰ অট্টালিকা ছীল

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ  ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কিংবদন্তি শিল্পী লতা মংগেশকাৰৰ আৱাসিক অট্টালিকা প্রভুকুঞ্জ ছীল কৰিছে ব্রিহান মুম্বাই মিউনিচিপাল কর্প’ৰেচনে৷ বিএমচিয়ে প্রকাশ কৰা মতে, মুম্বাইত ক’ভিড–১৯ৰ সংক্রমণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি শিল্পীগৰাকীৰ অট্টালিকাটো প্রাক্ সাৱধনতা হিচাপে ছীল কৰা হৈছে৷ শিল্পীগৰাকী আৰু তেওঁৰ পৰিয়াল নিৰাপদে আছে৷ পৰিয়ালে প্রকাশ কৰা বিবৃতি অনুসৰি বিএমচিয়ে সাৱধানতা অৱলম্বন কৰি প্রভুকুঞ্জ ছীল কৰি দিছে৷ এইক্ষেত্রত কোনো লোকে শিল্পী তথা পৰিয়ালৰ সদস্যৰ স্বাস্থ্যক লৈ কোনো শংকিত হ’ব নালাগে৷ উল্লেখ্য যে ৯০ বছৰীয়া শিল্পী লতা মংগেশকাৰে পৰিয়ালৰ লোকৰ সৈতে প্রভুকুঞ্জত বাস কৰে৷ দক্ষিণ মুম্বাইৰ পেডাৰ ৰোডৰ ছাম্বালা হিলত এই অট্টালিকাটি আছে৷

You might also like