নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটত আইএছআইৰ এজেণ্ট গ্রেপ্তাৰ নিয়াৰ

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ এজেণ্ট হিচাপে কাম কৰি থকা গুজৰাটৰ মুন্দ্রা জাহাজ নির্মাণস্থলীৰ ছুপাৰভাইজৰ এজনক কালি নিয়াই গ্রেপ্তাৰ কৰিছে৷ গুজৰাটৰ পশ্চিম কুচ্ছৰ বাসিন্দা ৰাজাকভাই কুম্ভৰক নিয়াই গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে উত্তৰ প্রদেশৰ প্রতিৰক্ষা/আইএছআই গোচৰৰ অনুসন্ধানত গুজৰাটৰ ৰাজাকভাই কুম্ভৰ নামৰ লোকজনে আইএছআইৰ সৈতে সম্পর্কিত হৈ থাকি কাম কৰি থকাৰ তথ্য নিশ্চিত হোৱাৰ পিছতেই ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই গ্রেপ্তাৰ কৰে৷

উত্তৰ প্রদেশৰ লক্ষ্ণৌৰ গোমতি নগৰ আৰক্ষী থানাত যোৱা ১৯ জানুৱাৰীত কুম্ভৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷ মন কৰিবলগীয়া যে মহম্মদ ৰছিদ নামৰ লোক এজনক মোগল চৰাইৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছত ৰছিদৰ স্বীকাৰোক্তিত কুম্ভৰে আইএছআইৰ সৈতে সম্পর্ক ৰক্ষা কৰি থকা বুলি প্রকাশ পাইছিল৷ উক্ত স্বীকাৰোক্তিৰ ভিত্তিতে গোচৰটো নিয়াই যোৱা ৬ এপ্রিলত নিজাকৈ ৰুজু কৰি অনুসন্ধান চলায় আৰু অৱশেষত কুম্ভৰক গ্রেপ্তাৰ কৰে৷

You might also like