নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পর্যটনৰ নতুন ক্ষেত্র হ’ব পাৰে চন্দ্রপুৰৰ লাংলং কিচন জলপ্রপাত

যাতায়াত ব্যৱস্থাৰ উন্নীতকৰণ হ’লেই হাজোংবড়িত ইক’ টুৰিজিমৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ  ৰাজ্যৰ পর্যটন ক্ষেত্রত সংযোজিত হৈছে এটা নতুন স্থান৷ প্রকৃতিৰ নান্দনিক ৰূপ আৰু মনোমোহা পৰিৱেশৰ মাজত চন্দ্রপুৰত নতুনকৈ আৱিষ্কাৰ হৈছে এটা জলপ্রপাত৷ বিভিন্ন জাতি–জনগোষ্ঠীৰ বসতিস্থল চন্দ্রপুৰৰ হাজোংবড়ি গাঁৱৰ পৰা নাতিদূৰত আৱিষ্কাৰ হোৱা এই জলপ্রপাতটোৰ নাম লাংলং কিচন জলপ্রপাত৷ এই জলপ্রপাতটোৱে চন্দ্রপুৰৰ লগতে গুৱাহাটী মহানগৰীৰ পর্যটন ক্ষেত্রক এক নতুন মাত্রা প্রদান কৰিব বুলি আশা কৰা হৈছে৷ গ্রাম্য পর্যটন আৰু ইক’ টুৰিজিমৰ নতুন সম্ভাৱনাময় ক্ষেত্রলৈ পৰিণত হোৱা চন্দ্রপুৰলৈ প্রকৃতিৰ নৈসর্গিক সৌন্দর্য উপভোগ কৰিবলৈ প্রতিদিনে হাজাৰ হাজাৰ লোকে ভিৰ কৰি আহিছে৷ বিশেষকৈ প্রতিবছৰে বনভোজ খাবলৈ চন্দ্রপুৰলৈ হাজাৰ হাজাৰ লোকৰ সমাগম হয়৷ পবিতৰা অভয়াৰণ্যলৈ অহা দেশী–বিদেশী পর্যটকেও চন্দ্রপুৰৰ তপোবন, হাতীশিলা আদি স্থানসমূহ পৰিদর্শন কৰি প্রকৃতিৰ সৌন্দর্য উপভোগ কৰি অহা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ চন্দ্রপুৰৰ হাজোংবড়িত আমচাং অভয়াৰণ্যৰ গাতে লাগি থকা লাংলং কিচন জলপ্রপাতটোৰ নৈসর্গিক সৌন্দর্য উপভোগ কৰিবলৈ পর্যটকৰ ভিৰ বৃদ্ধি পোৱা বুলি স্থানীয় যুৱক প্রবীণ টাৰোৱে জানিবলৈ দিছে৷ গুৱাহাটীৰ পৰা কেইকিলোমিটাৰমান নিলগৰ বনভোজ স্থলী হিচাপে পৰিগণিত চন্দ্রপুৰৰ লাংলং কিচন জলপ্রপাতে চন্দ্রপুৰৰ পর্যটন ক্ষেত্রক এক নতুন গতি প্রদান কৰিছে৷ বনৰীয়া হাতীৰ সৈতে সহাৱস্থান কৰি জীৱন–যাপন কৰা হাজোংবড়িৰ অঞ্চলটোৰ ৰাইজে লাংলং কিচন জলপ্রপাতটোক লৈ গ্রাম্য পর্যটন ক্ষেত্রখনৰ সম্ভাৱনীয়তাক লৈ আশাবাদী৷ যাতায়াত ব্যৱস্থা সুচল নোহোৱাৰ পৰিপ্রেক্ষিতত বহু বছৰ ধৰি এই জলপ্রপাতটোলৈ মানুহৰ সমাগম হোৱা নাছিল৷ শেহতীয়াকৈ যাতায়াত ব্যৱস্থা কিছু উন্নত হোৱাত স্থানীয় যুৱক প্রবীণ টাৰোৱে জলপ্রপাতটোৰ কাষতে ৰিজ’ট খোলাৰ পৰিকল্পনা কৰিছে৷ উদ্যোগী যুৱকজনে কেইজনমান বন্ধুৰ সহযোগত পর্যটকৰ সুবিধাৰ বাবে টঙিঘৰ নির্মাণ কৰিছে৷ পর্যটকসকলে টংঘৰৰ পৰাও লাংলং কিচন জলপ্রপাতৰ নৈসর্গিক সৌন্দর্য উপভোগ কৰাৰ সুব্যৱস্থা কৰিছে৷ ৰাজ্যৰ পর্যটন বিভাগে লাংলং কিচন জলপ্রপাতটোক পর্যটনস্থলী হিচাপে গঢ়াৰ ক্ষেত্রত আঁচনি গ্রহণ কৰিলেই হাজোংবড়ি গাঁৱৰ যুৱক–যুৱতীসকল গ্রাম্য পর্যটনেৰে স্বাৱলম্বী হ’ব পাৰিব৷

You might also like