নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা বিএড ডিগ্ৰীঃ চাকৰি গ’ল ২১৪ জন শিক্ষকৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ ভুৱা বিএড ডিগ্ৰীৰ বাবে চাকৰি গ’ল ২১৪ জন বিদ্যালয় শিক্ষকৰ । উত্তৰপ্ৰদেশৰ মৈনপুৰী, এটাহ জিলাৰ ২১৪ গৰাকী শিক্ষকক ভুৱা ডিগ্ৰীৰ বাবেই নিলম্বন কৰে ৰাজ্যৰ শিক্ষা বিভাগে । এটাহ জিলাৰ ১১৬ জন আৰু মৈনপুৰীত ৭৪ জন শিক্ষকৰ বিৰুদ্ধে বিশেষ তদন্তকাৰী সংস্থাই ক্ৰুটি লাভ কৰাৰ পাচতেই ৰাজ্যখনৰ শিক্ষাবিভাগে গ্ৰহণ কৰে এই পদক্ষেপ ।

২০১৭ চনতেই ভুৱা ডিগ্ৰীৰে শিক্ষকতা কৰা শিক্ষকসকলক চিনাক্ত কৰাৰ বাবে তদন্তৰ নিৰ্দেশ দিছিল উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধানে । এই বিশেষ তদন্তকাৰী সংস্থাৰ তদন্ত পোহৰলৈ আহিছে যে, আগ্ৰা বিশ্ববিদ্যালয় নামৰ এক প্ৰতিষ্ঠানৰ পৰা ৪,৭০৪ জনক দিয়া হৈছে এই ভুৱা ডিগ্ৰী । তাৰ মাজৰে ১,৪২৪ গৰাকীয়ে ইতিমধ্যে লাভ কৰিছে বিদ্যালয় শিক্ষকৰ চৰকাৰী চাকৰি । উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ প্ৰাথমিক শিক্ষা সচিবে এই সন্দৰ্ভত জানিবলৈ দিয়ে যে, বৰ্তমানেও ৰাজ্যৰ ১১ খন জিলাত তদন্ত অব্যাহত থকাৰ লগতে ৬১৮ জনৰ বহিষ্কাৰ প্ৰক্ৰিয়াত আদালতে স্থগিতাদেশ জাৰি কৰিছে ।

You might also like