ফাঁচীবজাৰত পুনৰ আৰম্ভ পদপথৰ ব্যৱসায়
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ ক’ৰোনা মহামাৰী ৰোধৰ বাবে চৰকাৰ–প্রশাসনে ঘোষণা কৰা দীর্ঘদিনীয়া সাপ্তাহিক লকডাউন আৰু নৈশ সান্ধ্য আইন প্রত্যাহাৰ কৰাত ক্রমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে গুৱাহাটীৰ পৰিৱেশ৷ অলপতে অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই গুৱাহাটী মহানগৰীত চলি থকা সাপ্তাহিক লকডাউন আৰু নৈশ সান্ধ্য আইন প্রত্যাহাৰ কৰাৰ পিছতেই গুৱাহাটী মহানগৰীৰ সমূহ দোকান–পোহাৰ খোলা পৰিলক্ষিত হৈছে৷ দীর্ঘদিন ধৰি বন্ধ থকা শ্বপিং মলকে ধৰি অন্যান্য ব্যৱসায়িক প্রতিষ্ঠানে সাপ্তাহিক লকডাউন আৰু নৈশ সান্ধ্য আইন শিথিল কৰাৰ পিছতেই পুনৰ ব্যৱসায় আৰম্ভ কৰিছে৷ ক’ভিড–১৯ৰ প্রট’কলৰ মাজতেই ব্যৱসায়ীসকলে পুনৰ নিজৰ নিজৰ ব্যৱসায়ৰ পুনৰ উত্থানৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে৷ একেদৰে পদপথৰ ব্যৱসায়ীসকলেও চৰকাৰী নির্দেশনাৰ পিছতেই গুৱাহাটী মহানগৰীত পুনৰ ব্যৱসায় আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ ফাঁচীবজাৰৰ পদপথত কাপোৰ আৰু অন্যান্য ব্যৱসায় কৰি জীৱিকা চলোৱা লোকসকলে জিলা প্রশাসন তথা গুৱাহাটী পৌৰ নিগমৰ বিনা অনুমতিত নিজ নিজ ব্যৱসায় আৰম্ভ কৰিছে৷ ফাঁচীবজাৰৰ এছ এছ ৰোডৰ পদপথত বহা অবৈধ বজাৰত সামগ্রী ক্রয় কৰিবলৈ গ্রাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ সামাজিক দূৰত্ব উলংঘা কৰাৰ সমান্তৰালকৈ মাস্ক পৰিধান নকৰাকৈ একাংশ বিক্রেতা তথা গ্রাহকে বজাৰত ভিৰ কৰিছে যদিও এইক্ষেত্রত আৰক্ষী–প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ উল্লেখ্য যে শেহতীয়াকৈ সমগ্র ৰাজ্যকে ধৰি গুৱাহাটী মহানগৰীতো উদ্বেগজনকভাৱে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ ক’ৰোনা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগতে জিলা আৰক্ষী প্রশাসনে মহানগৰবাসীক সামাজিক দূৰত্ব মানি চলাৰ উপৰি মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ পিছতো একাংশ লোকে চৰকাৰ–প্রশাসনৰ এই নির্দেশনাক আওকাণ কৰি গুৱাহাটীৰ বজাৰত ভিৰ কৰা দেখা গৈছে৷