ইউ এছ অ’পেনত অযোগ্য ঘোষিত জক’ভিচ
নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ সন্মানীয় গ্রেণ্ডশ্লাম ইউ এছ অ’পেনৰ পৰা অযোগ্য ঘোষিত হ’ল শীর্ষ বাছনিপ্রাপ্ত ছার্বিয়াৰ ন’ভাক জক’ভিচ৷ লাইন বিচাৰকক বলেৰে প্রহাৰ কৰি গ্রেণ্ডশ্লামখনৰ প্রি–কোৱার্টাৰ ফাইনেলৰ পৰা বিদায় ল’বলগীয়া হ’ল জক’ভিচে৷ আর্থুৰ এছ ষ্টেডিয়ামত স্পেইনৰ পাবল’ কাৰেন’ বুষ্টাৰে খেলি থকা প্রি–কোৱার্টাৰ ফাইনেল মেচখনৰ প্রথমটো ছেট ৫–৬ত পিছ পৰি থকাৰ সময়তে নিৰাশ হৈ পৰে ছার্বিয়াৰ খেলুৱৈগৰাকী৷ ইয়াৰ পিছতে জক’ভিচে তেওঁৰ পকেটত থকা বল এটা উলিয়াই পোনে পোনে লাইন বিচাৰকৰ দায়িত্বত থকা মহিলাগৰাকীলৈ মাৰি পঠিয়ায় আৰু বলটোৱে বিচাৰকগৰাকীৰ ডিঙিত আঘাত কৰে৷ এই ঘটনাটোৰ বাবে প্রতিযোগিতাখনৰ আয়োজকে বিশ্বৰ শীর্ষ বাছনিপ্রাপ্ত জক’ভিচক অযোগ্য ঘোষিত কৰে৷ অৱশ্যে ঘটনাটো সংঘটিত কৰি জক’ভিচে মহিলা বিচাৰকগৰাকীৰ ওচৰ চাপে আৰু ক্ষমা খোজে৷
উল্লেখ্য যে ১৪০ বছৰীয়া গ্রেণ্ডশ্লামৰ ইতিহাসত জক’ভিচ হ’ল অযোগ্য ঘোষিত হোৱা তৃতীয়গৰাকী খেলুৱৈ৷ ইয়াৰ পূর্বে ১৯৯০ চনত জন মেকেনৰ’ই অষ্ট্রেলিয়ান অ’পেন আৰু ২০০০ চনত ষ্টিফেন কুবেক ফ্রেন্স অ’পেনৰ পৰা অযোগ্য ঘোষিত হৈছিল৷