আই পি এললৈ সাজু ৰাবাডা
নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ বাধ্যতামূলক কোৱাৰেণ্টাইন সমাপ্ত কৰি দিল্লী কেপিটেলছৰ শিবিৰত যোগ দিছে দক্ষিণ আফ্রিকাৰ তাৰকা বেগী বলাৰ কাগিছ’ ৰাবাডা৷ আই পি এলত এইপর্যন্ত মাত্র ১৮খন মেচ খেলা যুৱ তাৰকাগৰাকীয়ে দিল্লী কেপিটেলছৰ সতীর্থসকলৰ সৈতে ডুবাইৰ আই চি চি ক্রিকেট গ্রাউণ্ডত অনুশীলন চলায়৷
‘দীর্ঘদিনৰ মূৰত দিল্লী কেপিটেলছৰ সতীর্থসকলৰ সৈতে খেলপথাৰত নামি আনন্দ অনুভৱ কৰিছোঁ৷ লকডাউনৰ বাবে দীর্ঘদিন ধৰি মই বলিং কৰা নাই যদিও আই পি এলত বলিং কৰিবলৈ উৎকণ্ঠাৰে অপেক্ষা কৰিছোঁ৷ এই মুহূর্তত মই পূর্বতকৈ অধিক ফিট আৰু সবল অনুভৱ কৰিছোঁ৷’ ৰাবাডাই এইদৰে কয়৷
উল্লেখ্য যে বিগত বর্ষৰ আই পি এলত দুর্দান্ত বলিঙেৰে উজলি উঠা ৰাবাডাই প্রতিযোগিতাখনত মুঠ ৩১টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷