নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়চুকত ড্রাগছ ধনসহ এজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত পুনৰ সক্রিয় হৈ পৰিছে ড্রাগছ সৰবৰাহকাৰী চক্র৷ ক’ৰোনা মহামাৰীৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰ প্রশাসনে জাৰি কৰা দীর্ঘদিনীয়া লকডাউন তথা নৈশ সান্ধ্য আইন প্রত্যাহাৰ কৰাৰ সুযোগ গ্রহণ কৰি দুষ্টচক্রই নিষিদ্ধ ড্রাগছ সৰবৰাহ কার্য চলাই থকা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ গড়চুক চাৰিআলিৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্রাগছ আৰু নগদ ধনসহ এজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগছ সৰবৰাহকাৰীজন বৰপেটা জিলাৰ বহৰি থানাৰ অন্তর্গত তাৰাবাৰীৰ আবেদ খান বুলি জানিব পৰা গৈছে৷

আৰক্ষীয়ে ধৃত ড্রাগছ সৰবৰাহকাৰীৰ পৰা প্রায় ২৩ গ্রাম ব্রাউন ছুগাৰ আৰু এডাল সোণৰ চেইনৰ লগতে নগদ এক লাখ ২৯ হাজাৰ ৮০০ টকা জব্দ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে ধৃত খানে গণেশ পাৰাৰ ‘লম্বু’ নামৰ এজন ড্রাগছ ব্যৱসায়ীৰ পৰা ড্রাগছখিনি ক্রয় কৰি বৰপেটালৈ নিয়াৰ পৰিকল্পনা কৰিছিল৷ আৰক্ষী অপৰাধ অনুসন্ধান শাখাৰ সহযোগত গড়চুক আৰক্ষীয়ে দিনৰ প্রায় ১.৩০ বজাত গড়চুক চাৰিআলিৰ পৰা সৰবৰাহকাৰীটোক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগছ সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গণেশপাৰাৰ ভাৰাঘৰত অভিযান চলাই দুগৰাকী মহিলাক শোধ–পোছৰ বাবে আটক কৰে৷

You might also like