মহিলাৰ সুৰক্ষা
যিখন দেশত শক্তিৰ অধিষ্ঠাত্রীৰূপে দুর্গা দেৱীক, বিদ্যাৰ অধিষ্ঠাত্রীৰূপে সৰস্বতী দেৱীক, ধন–সম্পদৰ অধিষ্ঠাত্রীৰূপে লক্ষ্মী দেৱীক পূজা–র্চনা কৰা হয় সেইখন দেশতে নিৰাপদ নহয় মহিলাসকল৷ কন্যা শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধাসকলৰ সুৰক্ষাৰ বাবে দেশজুৰি বহু কঠোৰ আইন বলৱৎ হৈ আছে৷ কিন্তু এনে কঠোৰ আইন সত্ত্বেও মহিলাৰ ওপৰত অপৰাধজনিত ঘটনা হ্রাস পোৱাটো দূৰৰ কথা, দিনক দিনে বৃদ্ধিহে হৈছে৷ বিশেষকৈ ধর্ষণকে ধৰি যৌন আতিশয্যৰ ঘটনা ভয়ানকভাৱে বৃদ্ধি হৈছে৷ আনকি এনে দুষ্কার্যৰ ঘটনাত ফুলকুমলীয়া কন্যা শিশু আক্রান্ত হৈছে৷ শিশুৰ পৰা মহিলা লৈকে দিনক দিনে বৃদ্ধি হোৱা এনে নির্যাতনৰ ঘটনা নিশ্চিতভাৱে এক সামাজিক ব্যাধি৷ যিহেতু প্রচলিত কঠোৰ আইনেও এনে অপৰাধ ৰোধ কৰিব পৰা নাই সেইবাবে এইক্ষেত্রত আমাৰ সমাজ ব্যৱস্থা আৰু অধিক সজাগ–সচেতন হ’ব লাগিব৷ অন্যথা এনে ঘটনা বৃদ্ধিয়ে আমাৰ সমাজখনক পিছুৱাইহে নিব৷ অসমতো দিনক দিনে নাৰীজনিত অপৰাধৰ ঘটনাৰ সূচাংক বৃদ্ধি পাইছে৷ অসম বিধানসভাৰ চলিত অধিৱেশনত এই সন্দর্ভত উদ্বেগজনক তথ্য প্রকাশ পাইছে৷ অসম গণ পৰিষদৰ ৰমেন্দ্র নাৰায়ণ কলিতাৰ প্রশ্ণৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হৈ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে প্রকাশ কৰা মতে, ২০১৬ৰ এপ্রিলৰ পৰা যোৱা অক্টোবৰলৈকে অসমত ৬,৫২৮টা ধর্ষণৰ দৰে জঘন্য অপৰাধৰ গোচৰ পঞ্জীভুক্ত হৈছে৷ যৌতুকজনিত অপৰাধৰ গোচৰ এই সময়ছোৱাত পঞ্জীভুক্ত হৈছে ৩০,৮২০টা৷ বিবাহিতা মহিলাক স্বামী আৰু আত্মীয়ই নির্যাতন চলোৱাৰ ঘটনাও উদ্বেগজনকভাৱে বৃদ্ধি হৈছে৷ বিগত চাৰে তিনি বছৰত অসমত মহিলাৰ ওপৰত যিদৰে ধর্ষণ–পহৰণৰ জঘন্য ঘটনা বৃদ্ধি হৈছে সেয়া নিশ্চিতভাৱে আমাৰ সমাজ ব্যৱস্থাৰ প্রতি এক প্রত্যাহ্বান৷ এনে জঘন্য কাণ্ড প্রতিহত কৰিবই লাগিব৷ নহ’লে সুস্থ–সবল এখন সমাজ গঢ়াৰ বাবে মহিলা সবলীকৰণৰ যিমানে শ্ল’গান নিদিওঁ কিয়, সেয়া সফল নহ’ব ৷
অসমত মহিলাৰ ওপৰত নিতৌ অর্ধশতাধিক অপৰাধৰ গোচৰ পঞ্জীভুক্ত হৈ আছে৷ থানাত পঞ্জীভুক্ত গোচৰতকৈ বহুত বেছি অপৰাধৰ ঘটনা নিতৌ ঘটি আছে৷ ইয়াৰে অধিকাংশ গোচৰ থানা গৈ নাপায়, থানালৈ গ’লেও বহু গোচৰ সমিলমিল কৰি গোচৰ পঞ্জীভুক্ত নহয়৷ কিন্তু মহিলাৰ ওপৰত চলা আতিশয্যৰ পঞ্জীভুক্ত গোচৰসমূহ ক্ষিপ্রতাৰে তদন্ত আৰু বিচাৰ নহয়৷ ফলত গোচৰসমূহৰ শুনানিৰ বিলম্বৰ সুযোগ লৈ অপৰাধী চক্রই সাৰি যোৱাৰ ঘটনা বৃদ্ধি হৈছে৷ ১৯৯০ৰ পৰা বিগত প্রায় আঢ়ৈ দশক ধৰি অসম আৰক্ষীয়ে অধিক শক্তি ব্যয় কৰিছে উগ্রপন্থীবিৰোধী অভিযান আৰু মন্ত্রী–আমোলাকে ধৰি ৰাজনৈতিক নেতাৰ সুৰক্ষাৰ নামত৷ এই সময়ছোৱাত শিশুৰ পৰা মহিলাৰ ওপৰত চলা নির্যাতন তথা জঘন্য অপৰাধৰ গোচৰসমূহক এক সাধাৰণ অপৰাধ তথা পৰিয়ালকেন্দ্রিক কাজিয়াৰ গোচৰ ৰূপেই লৈছিল৷ ফলত এই সময়ছোৱাত নাৰীজনিত অপৰাধৰ গোচৰসমূহৰ অভিযোগনামা দাখিল কৰাৰ ক্ষেত্রত বিলম্ব হৈছিল৷ যিসমূহ গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছিল সেইসমূহৰ অধিকাংশৰে তদন্ত বিজ্ঞানসন্মত নাছিল৷ আৰক্ষীৰ পৰিপক্ব তদন্ত আৰু বিজ্ঞানসন্মত প্রমাণ অবিহনে কোনো অভিযুক্তই আদালতত উপযুক্ত শাস্তি লাভ কৰিব বুলি আশা কৰিব নোৱাৰি৷ আৰক্ষী তথা তদন্তকাৰী বিষয়াৰ পালমৰা তদন্তৰ বাবেই বহু জঘন্য গোচৰত জড়িত অপৰাধীয়েও মুকলি আকাশৰ তলত থকাৰ সুযোগ–সুবিধা পাইছে৷ যদিহে নাৰীজনিত অপৰাধৰ ঘটনাক আমি জঘন্য অপৰাধৰূপে গণ্য কৰি এনে দুষ্কার্যৰ সৈতে জড়িত থকা অপৰাধীসকলক কঠোৰ শাস্তি বিহিব নোৱাৰোঁ তেন্তে এনে অপৰাধ হ্রাস হ’ব বুলি আশা কৰিব নোৱাৰি৷ নাৰীজনিত অপৰাধৰ গোচৰসমূহৰ তদন্ত যাতে নির্ধাৰিত সময়ৰ ভিতৰত সমাপন কৰি আদালতত অভিযোগনামা দাখিল কৰাৰ বাবে ৰাজ্যৰ গৃহ আৰু আৰক্ষী বিভাগে কঠোৰ স্থিতি গ্রহণ কৰিব লাগিব৷ ৰাজ্যখনৰ থানাই থানাই মহিলা আৰক্ষীৰ গোট স্থাপন কৰিব লাগিব৷ মহিলাৰ ওপৰত হোৱা জঘন্য অপৰাধসমূহৰ সঠিক তদন্তৰ বাবে যোগ্য বিষয়াক নিয়োজিত কৰিব লাগিব৷ কিন্তু দুর্ভাগ্য এয়ে যে আতিশয্যৰ সন্মুখীন হোৱা মহিলা এগৰাকীয়ে নিশাৰ ভাগত অকলে থানলৈ যোৱাৰ পৰিৱেশ আজিও গঢ়ি উঠা নাই৷ এইক্ষেত্রত অসম আৰক্ষীক সঁচা অর্থত আধুনিকীকৰণ কৰাৰ প্রয়োজন হৈছে৷ শিশু–মহিলাৰ ওপৰত যৌন আতিশয্যৰ গোচৰসমূহৰ খৰতকীয়া তদন্তৰ লগে লগে বিচাৰ প্রক্রিয়া ক্ষিপ্র গতিত সমাপন কৰিবলৈ হ’লে আদালতসমূহত খালী হৈ থকা বিচাৰপতি তথা যাৱতীয় কর্মচাৰীৰ নিযুক্তিৰ ক্ষেত্রতো ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিব লাগিব৷