লখৰাত ২০ কার্টন অৰুণাচলী সুৰাসহ এজনক গ্রেপ্তাৰ
গুৱাহাটীত বহিঃৰাজ্যৰ সুৰাৰ ৰমৰমীয়া বেহাঃ আবকাৰী বিভাগৰ অভিযান
নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ আন্তঃৰাজ্যিক চোৰাং সৰবৰাহকাৰী চক্রই দীর্ঘদিন ধৰি গুৱাহাটীত অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছে৷ ৰাজনৈতিক আশিসপুষ্ট আন্তঃৰাজ্যিক চোৰাং সুৰা সৰবৰাহকাৰী চক্রই অৰুণাচলী সুৰা নাগালেণ্ড, ডিমাপুৰৰ লগতে অসমৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে৷ শেহতীয়াকৈ এই চোৰাং সৰবৰাহকাৰী চক্রটোৱে গুৱাহাটীত অৰুণাচলী সুৰাৰ বটলত অসমৰ লেবেল লগাই বিক্রী অহাৰ তথ্য পোহৰলৈ আহিছে৷ কামৰূপ সদৰ আবকাৰী বিভাগে লাভ কৰা তথ্যৰ ভিত্তিত আজি লখৰাৰ নলাপাৰাত অভিযান চলাই ২০ কার্টন অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷ আবকাৰী বিষয়া সুভাষ বৈশ্যৰ নেতৃত্বত যোৱা এটা দলে লখৰাৰ নলাপাৰাৰ পৰা এই বৃহৎ পৰিমাণৰ অৰুণাচলীখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ অভিযানকাৰী দলটোৱে অৰুণাচলী সুৰাৰ সৈতে দ্বীপেন ৰায় নামৰ এজন লোকক গ্রেপ্তাৰ কৰে৷ আবকাৰী বিভাগৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি নলবাৰীৰ মৃদুল বর্মন নামৰ এজন লোকে দীর্ঘদিন ধৰি গুৱাহাটীৰ লগতে নামনি অসমৰ বিভিন্ন জিলাত অৰুণাচলী সুৰাৰ বেহা চলাই আহিছে৷ মৃদুল বর্মনৰ নেতৃত্বতে গুৱাহাটীত অৰুণাচলী সুৰাৰ মুকলি বেহা চলি আহিছে৷ সুৰা মাফিয়া মৃদুল বর্মন আবকাৰী বিভাগৰ জালত পৰিলেই অৰুণাচলী সুৰাৰ বেহাৰ বহু তথ্য পোহৰলৈ আহিব৷