ক’ৰোনা চিকিৎসাত সহায় কৰিব পাৰে ভাঙৰ গছে, নতুন গৱেষণাত প্ৰকাশ
নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ ক’ৰোনা ভাইৰাছত গুৰুতৰভাৱে আক্ৰান্ত ৰোগীসকলক ভাং অৰ্থাৎ গাঞ্জাৰে চিকিৎসা কৰিব পাৰি। এটা নতুন অধ্যয়নে এই দাবী কৰিছে এই কথা।
ডেইলী মেইলৰ এক প্ৰতিবেদন অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাউথ কেৰোলিনা বিশ্ববিদ্যালয়ৰ গৱেষকে নিগনিৰ ওপৰত গাঞ্জাৰ প্ৰভাৱ সম্পৰ্কে তিনিবাৰ গৱেষণা কৰি এনে সম্ভাৱনা ব্যক্ত কৰা হৈছে।
অৱশ্যে, সিদ্ধান্তত উপনীত হ’বলৈ অধিক গৱেষণাৰ প্ৰয়োজন আছে। আনহাতে বিজ্ঞানীসকলেও কৈছে যে তেওঁলোকে মানুহক নিজে গাঞ্জা সেৱন কৰিবলৈ উৎসাহিত কৰিব বিচৰা নাই। এনে কৰিলে মানুহৰ আন ৰোগো বৃদ্ধি হ’ব পাৰে।
আমেৰিকাৰ এই গৱেষণাত দেখা গৈছিল যে গাঞ্জাত থকা টিএইচচি (Tetrahydrocannabinol) নামৰ পদাৰ্থৰ দ্বাৰা ক’ৰোনাত আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰিব পাৰে। আচলতে Tetrahydrocannabinolৰ দ্বাৰা কোনো লোকক বিপজ্জনক ইমিউন প্ৰতিক্ৰিয়া (Immune response)ৰ পৰা বচাব পৰা যায়।
ক’ৰোনা ৰোগীসকলৰ ক্ষেত্ৰত সচৰাচৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা (Acute Respiratory Distress Syndrome) দেখা যায়। ইয়াৰ বাবে বহু ৰোগীৰ মৃত্যুও হয়। কিন্তু ভাঙত পোৱা টি এইচ চিয়ে ইমিউন প্ৰতিক্ৰিয়াৰ পৰা দেহক সুৰক্ষা দান কৰে। গৱেষণাটোত এই কথালৈ গুৰুত্ব দিয়া হৈছিল যে টি এইচ চিয়ে Immune response ৰোধ কৰিব পাৰে নে নাই।
বহুকেইটা নিগনিৰ ওপৰত চলোৱা পৰীক্ষাত প্ৰথমে নিগনিৰ দেহত টক্সিন ভৰাই দিয়া হৈছিল আৰু তাৰ পিছত টি এইচ চি প্ৰয়োগ কৰা হৈছিল। দেখা গৈছিল যে টি এইচ চি দিয়া নিগনিবোৰ জীয়াই আছিল, কিন্তু কেৱল টক্সিন দিয়া অৰ্থাৎ টি এইচ চি নিদিয়া নিগনিৰ মৃত্যু হৈছিল।
অৱশ্যে, বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে বিষয়টোৰ ওপৰত অধিক গৱেষণা কৰিব লগা আছে আৰু কোনোৱে যাতে ক’ৰোনাৰ পৰা বাচিবলৈ ভাং সেৱন নকৰে। কাৰণ ভাঙত আন পদাৰ্থও থাকে, যিয়ে দেহৰ ক্ষতি কৰিব পাৰে। ভাঙত পোৱা মাত্ৰ এটা পদাৰ্থ Tetrahydrocannabinolহে গৱেষণাত প্ৰসংগলৈ অনা হৈছে। নিগনিৰ পিছত বিজ্ঞানীসকলে বৰ্তমান মানৱ দেহত এই পদাৰ্থৰ প্ৰতিক্ৰিয়া কেনে জনাৰ বাবে পৰীক্ষণ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।