নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাঁচি আৰু কাহে ৰোগ বিয়পাব পাৰে

ডাঃ বিশ্বনাথ শর্মা

সাধাৰণতে হাঁচি আৰু কাহ মাৰোঁতে মানুহে বৰকৈ চিন্তা নকৰে৷ কিন্তু আধুনিক চিকিৎসা বিজ্ঞানে প্রমাণ কৰিছে যে হাঁচি আৰু কাহৰ ফলত বহুতো ৰোগ বিয়পিব পাৰে৷
হাঁচি মাৰোঁতে ডাঙৰ শব্দ কৰি নাকেৰে সজোৰে বায়ু নির্গত হয়৷ প্রায় সকলো লোকৰে মাজে সময়ে হাঁচিয়াব লগাটো স্বাভাৱিক কার্য৷ কিন্তু কিছুমান মানুহে অত্যধিক হাঁচি মাৰি থাকিবলগীয়া হয়৷ নাকৰ এলার্জি ৰোগত এনে লক্ষণ দেখা যায়৷
সাৱধানতা অৱলম্বন নকৰিলে হাঁচি মৰাৰ ফলত এজনৰ পৰা আনজনলৈ বিভিন্ন ৰোগ বিয়পিব পাৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷ বিশেষকৈ বেক্টেৰিয়া, ফাংগাছ বা ভেঁকুৰ আৰু ভাইৰাছজাতীয় ৰোগৰ বীজাণু এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে৷
হাঁচি মাৰিলে দেখা যায় যে প্রায় তিনি ফুট দূৰত্বলৈ নাকৰ ৰসৰ কণিকা ছিটিকি যাব পাৰে৷ এই কণিকাবোৰত ৰোগৰ বীজাণু থাকিলে ৰোগ বিয়পিব পাৰে৷ সেয়েহে আধুনিক চিকিৎসা বিজ্ঞানীসকলে হাঁচি মাৰোঁতে কিছুমান সাৱধানতা অৱলম্বন কৰিবলৈ পৰামর্শ দিয়ে৷
হাঁচি মৰাটো প্রায়ে স্বাভাৱিক কার্য বুলি গণ্য কৰিলেও কাহ মৰাটো কোনো ৰোগৰ লক্ষণ হ’ব পাৰে বুলি বিবেচনা কৰা হয়৷ কাহ বিশেষকৈ শ্বাসতন্ত্রৰ ৰোগৰ এটা লক্ষণ৷ প্রকৃততে কাহ হৈছে শৰীৰৰ প্রতিৰক্ষামূলক ক্রিয়া৷ কাহ মানে বুজিব লাগিব আমাৰ শ্বাসতন্ত্রৰ কোনোবা অংশত কিবা ৰোগ হৈছে৷ অথবা কোনো অবাঞ্ছিত পদার্থ বাহিৰৰ পৰা শ্বাসতন্ত্রত প্রৱেশ কৰিছে৷ শ্বাসতন্ত্রত জমা হোৱা কফ আৰু অন্যান্য অবাঞ্ছিত পদার্থ কাহে বাহিৰলৈ উলিয়াই দিয়ে আৰু আমাৰ শৰীৰটোক ৰক্ষা কৰে৷ সাধাৰণতে ডিঙিৰ ভিতৰত কফে সুৰসুৰাই দিয়াত ডাঙৰ শব্দ কৰি মুখেৰে সজোৰে ওলোৱা বায়ুক কাহ বোলা হয়৷ অর্থাৎ হাঁচিৰ ক্ষেত্রত নাকেৰে বায়ু নির্গত হয় আৰু কাহ মাৰিলে মুখেৰে বায়ু ওলাই যায়৷ দুয়ো ক্ষেত্রতে ডাঙৰ শব্দ হয় আৰু নাক বা মুখৰ ৰসৰ কণিকা বহু দূৰলৈ তীব্র বেগেৰে গতি কৰে৷ এই কণিকাবোৰত লক্ষ লক্ষ ৰোগৰ বীজাণু থাকিব পাৰে৷ মস্তিষ্কৰ এক স্নায়ু কেন্দ্রই কাহ নিয়ন্ত্রিত কৰে৷ এই কেন্দ্র উত্তেজিত হ’লে কাহ হয় আৰু প্রশমিত হ’লে কাহ কমি যায়৷
সেয়েহে উন্নত দেশবোৰত হাঁচি আৰু কাহ মাৰোঁতে কিছুমান সুসভ্য নিয়ম–কানুন শিকোৱা(Cough Etiquette) হয়৷ বিশেষকৈ পঢ়াশালি, চিকিৎসালয়, গির্জাঘৰ, চিনেমা–থিয়েটাৰ গৃহ, অফিচ আদিত এনে নিয়ম মানি চলাৰ অধিক প্রয়োজনীয়তা আছে৷
ইনফ্লুয়েঞ্জা বা ফ্লু ৰোগ প্রায়ে হাঁচি বা কাহৰ দ্বাৰা বহু লোকৰ মাজত বিয়পি পৰা দেখা যায়৷ ফ্লু ৰোগ এক ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ৷
এই ভাইৰাছবোৰ শেঙুন আৰু থুইৰ কণিকাৰ সৈতে এজনৰ পৰা আনজনলৈ বিয়পি যায়৷ সেয়েহে কোনো ব্যক্তি ফ্লু ৰোগত আক্রান্ত হ’লে স্কুল, হাস্পতাল, বন্ধ অফিচ আদিলৈ যোৱা উচিত নহয়৷ অন্যথা তেওঁৰ হাঁচি বা কাহৰ ফলত আন বহু লোক আক্রান্ত হোৱাৰ আশংকা থাকে৷ পশ্চিমীয়া উন্নত দেশসমূহত কর্মীসকলৰ কামত উপস্থিতি আৰু অনুপস্থিতি(Presentism &Absentism of work force)ৰ ওপৰত যথেষ্ট গৱেষণা কৰা হয়৷ সেয়েহে ইনফ্লুৱেঞ্জাজাতীয় সোঁচৰা ৰোগৰ ফলত বছৰি দেশসমূহ বহু লোকচানৰ সন্মুুখীন হ’বলগীয়া হয় বুলি ঠাৱৰ কৰা হৈছে(Loss of mandays)৷ কামত অনুপস্থিত থকা বাবে আৰু চিকিৎসাৰ ব্যয় দুয়ো মিলি সোঁচৰা ৰোগৰ পৰা যথেষ্ট ক্ষতি হোৱা দেখা যায়৷
কাহ সম্পর্কে কিছুমান ভ্রান্ত ধাৰণাৰো প্রচলন আছে৷ যেনে– টেঙা, ঠাণ্ডা বস্তু, দৈ, বিজলুৱা খাদ্য (কচু, মাটিমাহৰ দাইল ইত্যাদি), বগৰী আদি খালে কাহ বৃদ্ধি হয়৷ এইবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই৷ অৱশ্যে টনচিলাইটিছ, ফেৰেঞ্জাইটিছ আদি হ’লে বৰফ, আইচক্রীম আদি খাব নালাগে৷
সেয়েহে হাঁচি আৰু কাহ মাৰোঁতে কিছুমান সাৱধানতা অৱলম্বন কৰিবলৈ পৰামর্শ দিয়া হয়৷ যেনে–
হাঁচি বা কাহ মাৰোঁতে নাক আৰু মুখ কাগজৰ ৰুমালেৰে ঢ়াকি ল’ব লাগে৷
এই কাগজৰ ৰুমাল তৎক্ষণাত ডাষ্টবিনত পেলাই দিব লাগে৷
কাগজৰ বা কাপোৰৰ ৰুমাল নাথাকিলে হাতৰ তলুৱাত (কৰতলিত) নহয়, বৰং হাতৰ সৰু গাঁঠিৰ ওপৰ পিনে হাঁচি বা কাহ মাৰিব লাগে৷
হাঁচি বা কাহ মৰাৰ পিছত হাতখন চাবোন–পানীৰে ধুই পেলাব লাগে৷
ফ্লুজাতীয় ৰোগ হ’লে ঘৰতে জিৰণি ল’ব লাগে৷
কর্মস্থানত, চিকিৎসালয় আদিত সুৰাসাৰ থকা হাত ধোৱা তৰল পদার্থ(Alcohol based hand sanitizing liquid) সহজলভ্য অৱস্থাত ৰাখিব লাগে৷
স্কুল আৰু চিকিৎসালয়সমূহত মুখা পিন্ধা অভ্যাস(Use of face mask) কৰিব লাগে৷
হাঁচি বা কাহৰ জৰিয়তে ফ্লু, পক্ষী জ্বৰ(Avian flu or bird flu), গাহৰি জ্বৰ(Swine flu) হুপিং কা (Whoopingcough), মাম্প্ছ(Mumps), সৰুআই(Measles), মাজু আই(Chicken pox), হাঁওফাঁওৰ ৰোগ আদি বিয়পিব পাৰে৷ বিশ্বৰ এক আহুকলীয়া সমস্যা টিবি ৰোগ কাহৰ দ্বাৰা বিয়পা দেখা যায়৷ সেই কাৰণে দীর্ঘদিন ধৰি কাহ হৈ থাকিলে চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷
শিশু আৰু বৃদ্ধ লোকসকলৰ ক্ষেত্রত শৰীৰৰ ৰোগ প্রতিৰোধ শক্তি কম থাকে৷ সেয়েহে এনে লোকসকলক হাঁচি আৰু কাহৰ কু–প্রভাৱৰ পৰা মুক্ত কৰি ৰাখিব পাৰিলে ভাল৷ ৰোগৰ প্রতিষেধক ব্যৱস্থা হিচাপে হাঁচি আৰু কাহ মাৰোঁতে সজাগ আৰু সতর্ক হ’লে বহুতো সোঁচৰা ৰোগ প্রতিৰোধ কৰিব পাৰি৷
সেয়েহে সমাজত হাঁচি আৰু কাহৰ কু–প্রভাৱৰ বিষয়ে সজাগতা বৃদ্ধি কৰাটো অতি প্রয়োজনীয় কথা বুলি বিবেচনা কৰা হয়৷ সজাগতা বৃদ্ধি হ’লে বহু সোঁচৰা ৰোগ প্রতিৰোধ কৰিব পৰা যাব৷
হাঁচি আৰু কাহৰ পৰা ফ্লু, বার্ড ফ্লু, গাহৰি জ্বৰ ৰোগ বিয়পিব পাৰে৷
কাহৰ পৰা টিবি ৰোগ বিয়পিব পাৰে৷
হাঁচি–কাহ মাৰোঁতে মুখখন কাগজৰ ৰুমালেৰে ঢ়াকি সেই ৰুমাল পেলাই দিব পাৰিলে ভাল৷
হাতৰ তলুৱাত হাঁচি মাৰিব নালাগে৷
হাতৰ মণিবন্ধনৰ ওপৰ পিনলৈ হাচিয়াব লাগে৷
হাত ধুই পেলাব লাগে৷
হাত পৰিষ্কাৰ কৰিবলৈ সুৰাসাৰ থকা হেণ্ড ছেনিটাইজাৰ সঘনে ব্যৱহাৰ কৰিব লাগে৷
ফ্লু জাতীয় ৰোগ হ’লে মুখত মাস্ক ব্যৱহাৰ কৰিব লাগে৷

You might also like