নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকা, মোবাইল স্ক্রিনত ২৮ দিন বাচি থাকিব পাৰে ক’ৰোনা ভাইৰাছ ?

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ কাগজৰ নোট, টাচ-স্ক্রিন মোবাইলৰ উপৰিভাগ, কাচত ২৮ দিনলৈ বাচি থাকিব পাৰে ক’ৰোনা ভাইৰাছে। এয়া আমাৰ কথা নহয়, শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বায়োচিকিউৰিটি লেবৰেটৰীৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য। অষ্ট্ৰেলিয়াৰ চেন্টাৰ ফৰ ডিজিজ প্রিপেয়ার্ডনেছেৰ বিজ্ঞানীয়ে কৈছে, ক’ভিড ভাইৰাছ মাৰাত্মক শক্তিশালী। মসৃণ পৃষ্ঠ যেনেদৰে কাচ বা মোবাইল স্ক্রিন অথবা প্লাষ্টিক, কাগজৰ নোটত ২৮ দিন পৰ্যন্ত জিয়াই থাকিব পাৰে এই ভাইৰাছে।

ভাইৰোলজি জার্নালত প্রকাশিত এই গৱেষণাত কৈছে, শীতকালত এই ভাইৰাছৰ প্রকোপ আৰু অধিক হয়। বিজ্ঞানীসকলৰ দাবী, তুলনামূলক কম তাপমাত্রাতো বাচি থাকে এই ভাইৰাছ।

ক’ৰোনা আক্রান্ত কোনো ব্যক্তিৰ সংস্পর্শৰ লগতে হাঁচি আৰু কাহ মাৰোঁতে, কথা কওতে আৰু শ্বাস-প্ৰশ্বাসৰ মাধ্যমেৰে এজনৰ পৰা আন এজনলৈ সংক্রমণ ঘটিব পাৰে। পৃষ্ঠতলত ভাইৰাছৰ কণা ৰৈ গ’লে কাগজৰ নোট, টাচ-স্ক্রিন মোবাইলৰ উপৰিভাগতো টিকি থাকিব পাৰে।

মোবাইল ফোন, বেংকৰ এটিএম, বিমানবন্দৰৰ চেক-ইনত বহু মানুহৰ সংস্পর্শ ঘটে। যাৰ বাবে এনেসমূহক নিয়মিতভাৱে চেনিটাইজ কৰাৰ প্রয়োজন।

You might also like