জিতেন দত্তৰ নামত ধন দাবী, পল্টনবজাৰত ধৃত ভুৱা আলফা
নিয়মীয়া বার্তা, ২১ অক্টোবৰঃ আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ নামত ধন দাবী কৰি পল্টনবজাৰ আৰক্ষীৰ জালত পৰিছে দুই ভুৱা আলফা সদস্য৷ ধৃত ভুৱা আলফা সদস্য দুজন হৈছে আজাৰাৰ ৰাজু দাস ওৰফে পংকজ দাস (৩৮) আৰু বাক্সা জিলাৰ মুছলপুৰৰ প্রণৱ ভূঞা (৩৭)৷
আৰক্ষী সূত্রই জানিবলৈ দিয়া মতে ভুৱা আলফা সদস্য দুজনে পল্টনবজাৰৰ এখন হোটেলত আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ নামত ১ লাখ টকা দাবী কৰিছিল৷ ঘটনা সন্দর্ভত পল্টনবজাৰ আৰক্ষী আৰু অপৰাধ অনুসন্ধান শাখাৰ এটা দলে অভিযান চলাই বশিষ্ঠ আৰু পল্টনবজাৰৰ পৰা ভুৱা আলফা সদস্য দুজনক গ্রেপ্তাৰ কৰে৷
আৰক্ষীয়ে ঘটনা সন্দর্ভত পল্টনবজাৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০/বি/৩৮৭ ধাৰাত ৭৯৭/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷